তিতাবৰৰ ৰাইজলৈ এম্বুলেন্স প্ৰদান "জীৱন" ৰক্তদান স্বেচ্ছাসেৱী সংগঠনৰ...

তিতাবৰৰ ৰাইজলৈ এম্বুলেন্স প্ৰদান "জীৱন" ৰক্তদান স্বেচ্ছাসেৱী সংগঠনৰ...

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ কেইগৰাকীমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা "জীৱন" নামৰ এটা ৰক্তদান স্বেচ্ছাসেৱী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ । ২০২২ চনৰ আগষ্ট মাহত ১১ জনীয়া সদস্যৰে জন্ম লাভ কৰিছিল স্বেচ্ছাসেৱী সংগঠন "জীৱনে"। তাৰপাছৰে পৰা ৰক্তদান শিবিৰ, দুৰ্গতজনক সহায়ৰ হাত আদি আগবঢ়াই অহা জীৱনে সংস্থাটোত পুঁজিৰ বাবে তিতাবৰত অনুষ্ঠিত কৰিছিল উজনি অসমৰ সৰ্ববৃহৎ উপহাৰ কুপন খেল ।

২৯ মে'ত অনুষ্ঠিত হোৱা উপহাৰ কুপন খেলখনৰ ১৬ জুন তাৰিখে উপহাৰ সমূহ বিতৰণ কৰে । য'ত আছিল বিএমডাব্লিউ, ইনভা, থাৰ আদিৰ দৰে বিলাসী বাহন । উপহাৰ কুপনৰ পুৰষ্কাৰ বিতৰণ অনুষ্ঠানতে জীৱনে স্বেচ্ছাসেৱী সংস্থাটোৱে তিতাবৰীয়া ৰাইজৰ ৰোগীৰ অনা নিয়াৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । যিখন এম্বুলেঞ্চত ৰাইজে নূন্যতম তেলৰ খৰচত প্ৰদান কৰিয়ে ল'ব পাৰিব এম্বুলেঞ্চৰ সুবিধা ।

ইয়াৰ লগতে তিতাবৰ আৰক্ষী থানা, কেইবাটাও নামঘৰ, মছজিদ আদিত প্ৰদান কৰে অত্যাধুনিক পানীৰ ফিল্টাৰৰ লগতে ৰাইজৰ অতিকৈ প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰ । "জীৱন" ৰক্তদান স্বেচ্ছাসেৱী সংস্থাৰ আৰিফুজ জামান, সম্পাদক হিৰক শইকীয়া, উপ সভাপতি চন্দ্ৰম দত্ত, উপদেশ জগত বৰা(জুন),মুন দাস,ললিত দাস(মেমে)য়ে ১৬ জুন তাৰিখে পুনৰ তিতাবৰৰ বহু কেইগৰাকী শাৰীৰিক ভাৱে সক্ষম লোকক হুইল চেয়াৰ, ট্ৰাই চাইকেল প্ৰদান কৰাৰ লগতে তিতাবৰৰ বজাৰ মছজিদত অত্যাধুনিক পানীৰ ফিল্টাৰ আৰু এটা অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে ।

তিতাবৰৰ ৰাইজলৈ এম্বুলেন্স প্ৰদান "জীৱন" ৰক্তদান স্বেচ্ছাসেৱী সংগঠনৰ...
জোনালী নাথৰ হত্যাঃ আজিবৰৰ বিস্ফোৰক স্বীকাৰোক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in