জোনালী নাথৰ হত্যাঃ আজিবৰৰ বিস্ফোৰক স্বীকাৰোক্তি...

জোনালী নাথৰ হত্যাঃ আজিবৰৰ বিস্ফোৰক স্বীকাৰোক্তি...

ডিজিটেল সংবাদ, গোৱালপাৰা: অব্যাহত আছে ৰাজ্য কঁপাই যোৱা জোনালী নাথৰ হত্যাকাণ্ডৰ চাঞ্চল্য। আৰক্ষীৰ জিম্মাত থকা মূল অভিযুক্ত হত্যাকাৰী হাছানুৰে শেহতীয়াকৈ আৰক্ষীক দিছে জোনালী হত্যাকাণ্ডৰ কেতবোৰ বিস্ফোৰক তথ্য।

গোৱালপাৰা আৰক্ষীৰ জোৰদাৰ অনুসন্ধান আৰু হাছানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত জোনালী হত্যাকাণ্ডৰ ৰহস্য ক্ৰমশ: ভেদ হোৱাৰ পথত অগ্ৰসৰ হৈছে । একেখন গাঁৱৰ দ্বিতীয় অপৰাধী এগৰাকীৰ সহযোগত জোনালীক পূৰ্ব পৰিকল্পনা অনুসৰিয়েই ১১ জুনত হত্যা কৰা বুলি হাছানুৰে আৰক্ষীক দিয়ে স্বীকাৰোক্তি।

ইয়াৰ পিচতে জোনালী হত্যাকাণ্ডই লয় নতুন মূৰ। হাছানুৰৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি শনিবাৰে পুৱাৰ ভাগত মাটিয়াৰ পোকালাগিৰ নিকটৱৰ্তী শিঙৰামাৰী চৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চোৰকে ধৰি বিভিন্ন অসামাজিক অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত আজিবৰ ৰহমানক । হেড কোৱাৰ্টাৰ ডি এছ পি অনুৰাগ শৰ্মাৰ নেৰ্তৃত্বত মাটিয়া আৰক্ষীয়ে ৰবিবাৰে পুৱা মুখলধাৰ‌ বৰষুণকো নেওচি আজিবৰক লগত লৈ আজিবৰৰ বৰবালুপাৰাৰ স্বগৃহত চলায় অভিযান ।

এই অভিযানত আজিবৰৰ ঘৰৰ পিচফালে জোনালী নাথৰ ব্যৱহৃত বেগ আৰু চেণ্ডল জ্বলাই দিয়া অৱশিষ্ট ছাই উদ্ধাৰ কৰি সংগ্ৰহ কৰে আৰক্ষীয়ে । লগতে উদ্ধাৰ কৰে হত্যাৰ দিনা আজিবৰে পৰিধান কৰা কামিজ আৰু এটি শীতল পানীয়ৰ বটল।

আৰক্ষীৰ এই অভিযানৰ কালতে জোনালী হত্যাৰ অভিযুক্ত সহযোগী হত্যাকাৰী আজিবৰে সংবাদ মাধ্যমত দিয়ে বিস্ফোৰক স্বীকাৰোক্তি । আজিবৰে সংবাদ মাধ্যমত কোৱা মতে জোনালী হত্যাত সহযোগ কৰিবলৈ হাছানুৰৰ সৈতে ৫০ হেজাৰ টকাৰ বন্দবস্তি কৰিছিল।

ইয়াৰে ২৪ হেজাৰ টকা জোনালীক হত্যা কৰাৰ পূৰ্বে আজিবৰে আগতীয়াকৈ আদায় লৈছিল হাছানুৰৰ পৰা। হাছানুৰে আজিবৰৰ সহযোগত চলন্ত গাড়ীৰ‌ ভিতৰতে জোনালীক হত্যা কৰা বুলি আজিবৰে স্বীকাৰো কৰে সংবাদ মাধ্যমৰ আগত । ইপিনে আৰক্ষীয়ে আজিবৰ ৰহমানক দহ দিনৰ বাবে জিম্মাত বিচাৰি ৰবিবাৰে বিয়লি গোৱালপাৰা জিলা আদালতত হাজিৰ কৰাত আদালতে পাঁচ দিনৰ বাবে আজিবৰক জিম্মাত দিয়ে।

গোৱালপাৰা আৰক্ষীয়ে দুই অভিযুক্ত অপৰাধীক পৃথকে পৃথকে ৰাখি সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শনিবাৰে জোনালী হত্যাকাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী হাছানুৰক পুনৰ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে আদালতে।

জোনালী নাথৰ হত্যাঃ আজিবৰৰ বিস্ফোৰক স্বীকাৰোক্তি...
মাকুম পথাৰৰ ৰঙালী বিহু সমিতিৰ ৰাহি ধনেৰে উৎসৰ্গিত কৰিলে এখন এম্বুলেঞ্চ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in