যোৰহাটত সদৌ অসম আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন

যোৰহাটত সদৌ অসম আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
যোৰহাটত সদৌ অসম আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,যোৰহাট : অহা বৰ্ষৰ ৫,৬ আৰু ৭ জানুৱাৰীত যােৰহাটত অনুষ্ঠিত হ'ব সদৌ অসম আন্তঃজিলা দিবা-নৈশ হেণ্ডবল প্ৰতিযােগিতা। যােৰহাট জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত যোৰহাটৰ খাজুৰীগুৰী খেলপথাৰত ২৯ সংখ্যক গিৰিন্দ শৰ্মা আৰু ৭ সংখ্যক ভদেশ্বৰ বডােচা সােঁৱৰণীত দিবা-নৈশ সদৌ অসম আন্তঃজিলা ল'ৰাৰ হেণ্ডবল প্ৰতিযোগিতাখন আয়োজনৰ দিহা কৰা হৈছে । উল্লেখ্য যে প্ৰতিটো ক্ষণতে গ্ৰাম্য ক্ৰীড়া প্ৰতিভা উলিয়াই অনাৰ ক্ষেত্ৰত যােৰহাট জিলা ক্ৰীড়া সন্থাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

Advertisment

উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে যােৰহাটৰ আৱৰ্ত ভৱনত এখনি ৰাজহুৱা সভাৰ অনুষ্ঠিত হয়। সভাত অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগক মুখ্য পৃষ্ঠপােষক, ছেবাৰ প্ৰাক্তন সচিব কমলজােতি গগৈক মুখ্য উপদেষ্টা, সিদ্ধাংকুৰ অংকুৰ বৰুৱাক সভাপতি, বিপুল শইকীয়াক কাৰ্যকৰী সভাপতি, হৰিশ কুমাৰ শইকীয়াক সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

সভাত যােৰহাট জিলা হেণ্ডবল সন্থাৰ সম্পাদক দেৱজীত বৰাই জনােৱা মতে সমগ্ৰ অসমৰ প্ৰায় ২৪ খন জিলাৰ হেণ্ডবল দলে এই প্ৰতিযোগিতাখনিত যোগদান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে ৩দিনীয়াকৈ আয়োজন কৰা উক্ত দিবা-নৈশ প্ৰতিযোগিতাখনৰ প্ৰতিযোগিতাস্থলিত প্ৰতিদিনাই বিভিন্ন ধৰণৰ থলুৱা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

সেয়েহে প্ৰতিযোগিতাখনিৰ সকলো দিশতে সফলতাৰে সম্পন্ন কৰিব পৰাকৈ সমূহ যোৰহাটবাসী তথা ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায়-সহযােগ আৰু উপস্থিতি যােৰহাট জিলা হেণ্ডবল সন্থাই কামনা কৰিছে।

Also Read: শিলচৰত বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Assam Sports Handball Competition Jorhat Sports Association