শিলচৰত বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শিলচৰত বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, শিলচৰ : আজি ১ ডিচেম্বৰ বি এছ এফৰ প্ৰতিষ্ঠা দিৱস। সমগ্ৰ দেশৰ লগতে শিলচৰতো বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। শিলচৰ মাছিমপুৰস্থিত বিএছএফৰ‌ মিজোৰাম-কাছাৰ ফ্ৰন্টিয়াৰৰ‌ মুখ্য কাৰ্যালয়ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি এছ এফৰ প্ৰাক্তন উপ মহানিৰ্দেশক অনিৰুদ্ধ আস্তানা, মিজোৰাম -কাছাৰ ফ্ৰন্টিয়াৰৰ আই জি অখলেশ্বৰ সিংসহ অন্যান্য শীৰ্ষ বিষয়াসকল। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৪গৰাকী জোৱানক মেডেল প্ৰদান কৰে মুখ্য অতিথি অনিৰুদ্ধ আস্তানাই।

উল্লেখ্য যে অনুষ্ঠানৰ প্ৰাক-মুহূৰ্ত্তত বি এছ এফ জোৱানসকলৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথিসহ শীৰ্ষ নেতৃত্বই। অনুষ্ঠানত বিএছএফৰ প্ৰশিক্ষণ প্ৰাপ্তবয়স্ক 'স্কোৱাড ডগে' মাৰণাস্ত্ৰ, ড্ৰাগছ সন্ত্ৰাসবাদী কেনেকৈ চিনাক্ত কৰে তাৰেও প্ৰদৰ্শন কৰা হয়। ইফালে মুখ্য অতিথিৰ ভাষণত অনিৰুদ্ধ আস্তানাই বিএছএফৰ জন্ম বৃত্তান্ত আৰু বিএছএফৰ কঠিন কৰ্তব্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

শিলচৰত বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২৪ ডিচেম্বৰত মধুপুৰ সত্ৰ সমিতি আৰু সাহিত্য চৰ্চা কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in