তিতাবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আলি আয়ে লৃগাং উদযাপন

তিতাবৰৰ বেকাজান নতুন চেৰেলী মিছিং গাঁৱত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ আলি আয়ে লৃগাং।

author-image
Asomiya Pratidin
New Update
তিতাবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আলি আয়ে লৃগাং উদযাপন

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ বেকাজান নতুন চেৰেলী মিছিং গাঁৱত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ আলি আয়ে লৃগাং।

Advertisment

আলি আয়ে লৃগাঙক কেন্দ্ৰ কৰি অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। সমাজকৰ্মী কমলেশ্বৰ ৰেগন, মৃদুল টাকু, বহাগী ৰেগন টাকু, অজিৎ ৰেগন, নৃত্যানন্দ ৰেগন আদিকে ধৰি ভালেসংখ্যক ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত সফলভালে ৰূপায়িত হয় আলি আয়ে লৃগাং।

নতুন চেৰেলী মিছিং গাঁৱৰ মিচিং জনগোষ্ঠীৰ ৰাইজে বিহু নাচি আনন্দ উপভোগ কৰাৰ লগতে সমিল-মিলে এসাজ খায়। গাঁৱৰ ডেকা-বুঢ়া, যুৱক-যুৱতী সকলোৱে কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Also Read: আমেৰিকাত উদ্ধাৰ পতি-পত্নী আৰু দুই সন্তানৰ মৃতদেহ, পৰিয়ালটো আছিল ভাৰতীয়মূলৰ

jorhat ali aai ligang titabar