
ডিজিটেল ডেস্কঃ মঙলবাৰে মৰিয়নিত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হয় মৰিয়নিৰ ‘প্রতিদিন টাইম’ৰ সাংবাদিক সীমান্ত প্রতিম বৰ্মন।
জানিব পৰামতে, পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্রবেগী বাইক এখনে খুন্দা মাৰে বৰ্মনক। এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সীমান্ত প্রতিম বৰ্মন। উল্লেখ্য যে, সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে সীমান্ত প্রতিম বৰ্মনক।