কাইলৈ ৫৮ সংখ্যক এটিপিএ শ্বিল্ড ফুটবলৰ চূড়ান্ত খেল

58th atpa shield
58th atpa shield

ডিজিটেল সংবাদ,যোৰহাট : কোনে অৰ্জন কৰিব ৫৮ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবলৰ চেম্পিয়ন খিতাপ ? অইলে নে ৰাইফলছে ? মাজত মাথোঁ কেইটামান ক্ষণ বাকী।

সৰ্বভাৰতীয় ফুটবল সন্থা আৰু অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত হোৱা এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাখন অসমৰ প্ৰথম শ্ৰেণীৰ পাঁচখন গুৰুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতাৰ ভিতৰতে অন্যতম । ১৯৫৫ চনৰ পৰা সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত ঐতিহ্যমণ্ডিত এই প্রতিযোগিতাখনৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে প্ৰতিবছৰৰ আটাইকেইখন খেলেই যোৰহাট ষ্টেডিয়ামতেই অনুষ্ঠিত হৈ আহিছে।

এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন কৰা সকলো দলৰ ভিতৰতে বৰ্তমানলৈকে সৰ্বাধিক বিজয়ী খিতাপ অৰ্জন কৰা দল হৈছে দুলীয়াজানৰ অইল ইণ্ডিয়া এফ চি। বৰ্তমানলৈকে অইলেই হৈছে প্ৰতিযোগিতাখনত সৰ্বোচ্চ খিতাপ অৰ্জনকাৰী দল।

আছাম ৰাইফলছ, শ্বিলং দলে ২১ মাৰ্চৰ সন্ধিয়া যোৰহাট ষ্টেডিয়ামত মুখামুখি হ'ব অইল ইণ্ডিয়াৰ বিৰুদ্ধে। এই প্রতিযোগিতাখন ২০২৪ বৰ্ষৰ যোৱা ১০ মাৰ্চৰ পৰা ২১ মাৰ্চলৈকে । এই বর্ষত প্রতিযোগিতাখনত মুঠ ১২ টাকৈ পেছাদাৰী আগশাৰীৰ ফুটবল দলে যোগদান কৰে । সেই দলসমূহ হৈছে ক্রমে দুলীয়াজানৰ অইল ইণ্ডিয়া এফ চি, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গুৱাহাটী, আছাম পুলিচ ব্লুজ, গুৱাহাটী, নাগালেণ্ডৰ চাইৰ্থেকাম ফুটবল ক্লাব, আচাম ৰাইফলছ, শ্বিলং, লেনৰুল এফ চি, কাছাৰ, মণিপুৰৰ মণিপুৰ ফুটবল ফ'ৰ চেইনছ একাডেমী, যোৰহাট টাউন ক্লাব, বৰভেটা স্প'ৰ্টছ ক্লাব, ডিব্ৰুগড়ৰ নামৰূপ টাউন ক্লাব, উত্তৰ প্ৰদেশৰ ছাউৰ্থ ইষ্টাৰ্ণ ৰে'লৱে স্প'ৰ্টছ এচ'ছিয়েশ্যন আৰু যোৱা বৰ্ষৰ ৰাণাৰ আপ দল মৰিয়নি উপ-ক্রীড়া সন্থাই। দুখৰ বিষয় যোৱা বৰ্ষৰ চেম্পিয়ন দল চিৰাং দুৱাৰ এফ চি দলটোৱে এইবাৰ যোগদান নকৰিলে।

২১ মাৰ্চত আছাম ৰাইফলছ শ্বিলং আৰু দুলীয়াজান অইল ইণ্ডিয়া এফ চিৰ মাজত সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব চূড়ান্ত খেল। ইয়াৰ ওপৰত লক্ষ্য ৰাখি দৰ্শকৰ মনোৰঞ্জনৰ বাবে আয়োজক সমিতিয়ে আয়োজন কৰিছে এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় গায়ক ভৃগু কাশ্যপ আৰু প্ৰাণদ্বীপ বৰাৰ উপৰিও অন্যান্য সাংস্কৃতিক অনুষ্ঠান। আনহাতে দৰ্শকৰ সুবিধাৰ্থে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰাই টিকটৰ ঘৰ মুকলি কৰি ৰাখিব বুলি জনা গৈছে।

58th atpa shield
ধুবুৰীত দুজন শীৰ্ষ ISIS ৰ নেতাক গ্রেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in