যোৰহাটত ৫১ সংখ্যক "মিষ্টাৰ আৰু মিছ অসম ২০২৩" ব'ডিবিল্ডিং প্ৰতিযোগিতা

যোৰহাটত ৫১ সংখ্যক "মিষ্টাৰ আৰু মিছ অসম ২০২৩" ব'ডিবিল্ডিং প্ৰতিযোগিতা

ডিজিটেল সংবাদ,যোৰহাট : শৰীৰচৰ্চা খেলুৱৈৰ বাবে এটি অতি সুখকৰ বাৰ্তা। প্ৰায় দুটা দশকৰ বিৰতিৰ অন্তত শনিবাৰৰ পৰা পুনৰ যোৰহাটত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ আগশাৰীৰ শৰীৰচর্চা প্ৰতিযোগিতা "মিষ্টাৰ আৰু মিছ অসম ২০২৩" প্ৰতিযোগিতা। ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়াকৈ যোৰহাট ষ্টেডিয়ামৰ অস্থায়ী মঞ্চত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনি।

ইণ্ডিয়ান ব'ডিবিল্ডিং ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত এছছিয়েচন অফ বডি বিল্ডাৰৰ্চ, যোৰহাটৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৫১ সংখ্যক মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতাৰ বাবে ইতিমধ্যেই যাবতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে। সেই অনুসৰি যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক সভাপতি, প্ৰশান্ত বৰাক কাৰ্যকৰী সভাপতি, দীপাংক খাৰঘৰীয়াক সম্পাদক, ৰঞ্জিত শইকীয়াক সহ সম্পাদক, প্ৰাক্তন বিধায়ক ৰানা গোস্বামীক মুখ্য উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰি প্ৰতিযোগিতাৰ কাম-কাজ আগবঢ়াই লৈ যোৱা হৈছে।

এই সন্দৰ্ভত শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত ৫১ সংখ্যক মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পৰ্কত এইদৰে কয় আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত বৰাই। সংবাদমেলত বৰাই লগতে কয় যে ২০০৪ বৰ্ষত যোৰহাটত ছিনিয়ৰ ৰাষ্ট্ৰীয় মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল আৰু তাৰ পাছৰ পৰা যোৰহাটত কোনো বিশেষ গুৰুত্বপূৰ্ণ শৰীৰচৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই।

দীৰ্ঘ বিৰতিৰ পাছত যোৰহাটত ৫১ সংখ্যক মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতা আয়োজন কৰিবলৈ পাই যথেষ্ট উৎসাহী হৈ পৰাৰ লগতে প্ৰায় ১২ লাখ টকাৰ বাজেটেৰে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে বুলি সদৰি কৰে। ইতিমধ্যে ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ২৮০ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত যোগদান নিশ্চিত কৰিছে।

লগতে প্ৰতিযোগিতাখনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩৫ গৰাকী ষ্টেট অফিচিয়েল আহিব। এই সকলো খেলুৱৈ, অফিচিয়েলক আপ্যায়ন কৰিবৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই প্ৰতিযোগিতাখনি মুঠ ৮টা ইভেণ্টত অনুষ্ঠিত হ'ব।

জুনিয়ৰ, ছিনিয়ৰ মিষ্টাৰ অসম, মাষ্টাৰছ মিষ্টাৰ অসম, মেন মডেল ফিজিক, মেন ক্লাছিক বডিবিল্ডিং, ৱ'মেন মডেল ফিজিক, ৱ'মেন বডি বিল্ডিং আৰু বিশেষভাৱে সক্ষমসকলৰ মিষ্টাৰ অসম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ যোগান ধৰিব তিতাবৰৰ ৰেদিয়েন্ট শীৰ্ষক এটি অনুষ্ঠানে।

আনহাতে স্মাৰকসমূহ যোগান ধৰিব অমৃত ফুড আৰু কৃষ্ণ জুৱেলাৰ্চ প্ৰতিষ্ঠানে। শনিবাৰে তথা প্ৰথম দিনা খেলুৱৈৰ পঞ্জীয়ন, ওজন জোখা আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ১৭ ডিচেম্বৰৰ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ খেলসমূহ।

সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'ব চূড়ান্ত পৰ্য্যায়ৰ খেলসমূহ। আজিৰ সংবাদমেলত উপস্থিত থাকে দীপাংক খাৰঘৰীয়া, প্ৰশান্ত বৰা, ৰঞ্জিত শইকীয়া, চঞ্চল কুণ্ডলীয়া প্ৰমুখ্যে আয়োজক সমিতিৰ অন্যান্য বিষয়ববীয়াসকল।

যোৰহাটত ৫১ সংখ্যক "মিষ্টাৰ আৰু মিছ অসম ২০২৩" ব'ডিবিল্ডিং প্ৰতিযোগিতা
বডোফাৰ প্ৰতি শ্ৰদ্ধা জনাই কোকৰাঝাৰত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in