/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1a362cd8-1416-4128-844f-6dea399c5478/409.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : ২০২০ চনৰ ১৫ ডিচেম্বৰৰ দিনটোতে হাগ্ৰামা মহিলাৰীক ওফৰাই বি টি চিত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল-বিজেপি আৰু জিএচপিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিছিল। বিটিচিৰ মিত্ৰজোঁট চৰকাৰে আজি ৩ বছৰ সম্পূৰ্ণ কৰিলে ৷
সেই উপলক্ষে শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে বি টি আৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠান সম্পন্ন হয়। বৰ্ষপূৰ্তি উপলক্ষে পুৱা বডোফা নগৰস্থিত বিটিচি সচিবালয় প্ৰাংগনত বডোফাৰ প্ৰতিমূৰ্তিত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে পুস্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/aa7ce360-9476-471e-ae1c-559a11b6c557/410454169_903222844705321_1666613665134703371_n.jpg)
অনুষ্ঠানৰ লগত সংগতি ৰাখি শান্তিৰ পতাকা উত্তোলন কৰে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই ৷ বি টি আৰৰ প্ৰায় ১০০০ অনুষ্ঠান -প্ৰতিষ্ঠানত আজি শান্তিৰ পতাকা উত্তোলন কৰা হয়।
আনহাতে বি টি আৰৰ চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপনৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড পৰিবহন বিভাগৰ ৪খনকৈ নতুন এ চি বাছৰ শুভাৰম্ভ কৰে ৷ ইয়াৰে দুখন কাৰ্বি আংলঙলৈ আৰু দুখন ধেমাজি লৈ চলাচল কৰিব বুলি জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9b330451-9c34-418c-a0a6-8bb84ee2bda7/409435837_903222901371982_3919968497919239117_n.jpg)
ইয়াৰোপৰি ২০ খন ভ্ৰাম্যমাণ টি-ষ্টল ২০ গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় ৷ ইয়াৰ পিচতে নতুনকৈ শুভাৰম্ভ কৰা এ চি বাছত উঠি প্ৰমোদ বড়োসহ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু বি টি আৰ সচিবালয়ৰ বিষয়াৰ দলে দোতমাত উপস্থিত হৈ দোতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দোতমাৰ পিছত কোকৰাঝাৰৰ ভাটিপাৰাত বডোলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী ছহিদ সুজিত নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে প্ৰমোদ বড়ো আৰু অন্যান্য কাৰ্যবাহী সদস্যসকলে ৷ অনুষ্ঠানত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই কয়- আজি আমি সকলোৱে এখন শান্তিপূৰ্ণ,হিংসাবৰ্জিত বিটিআৰ বৰ্তাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছো। এখন হিংসাবৰ্জিত সমাজ গঢ়াৰ সংকল্প লৈছো। আমি ভবাতকৈ বহু বেছি ভাল পৰিৱেশ দিছো,সেয়া যাতে ধৰি ৰাখিব পাৰো তাৰ বাবে সকলোৰে সহযোগিতা প্ৰয়োজন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5d50766b-86ce-4cf7-aac2-1aaa1639ed96/411323863_903223148038624_4993372453249473871_n.jpg)
শান্তিৰ বাতাবৰণ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম আৰু ভাৰত চৰকাৰৰ লগতে সমূহ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰমোদ বড়োৱে । পূৰ্বৰ চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে, শান্তি আৰু নিৰাপত্তাৰ দৰে গুৰুতৰ বিষয়ত পূৰ্বৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে। তেওঁলোকে এতিয়া উন্নয়ন হোৱা নাই বুলি ক'ব খোজে ।
ৰাস্তাত অলপ বোকা থাকিলেও যাব পাৰি কিন্তু জীৱনটোৱেই যদি নাথাকে কেনেকৈ যাব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, শান্তি থাকিলে উন্নয়ন হৈ থাকিব । ১৭ বছৰ শাসন কৰি এতিয়া উন্নয়নৰ কথা মুখত শোভা নাপায় বুলি মন্তব্য কৰি পূৰ্বৰ চৰকাৰৰ কোনো প্লেন- পলিচি নাছিল বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/09e21258-f6c9-432a-b036-94f852321730/410347785_903223244705281_2710242148043033559_n.jpg)
শান্তি থাকিলেহে উন্নয়ন হ'ব,প্ৰগতি আহিব। বৰ্তমান বিটিচি চৰকাৰে প্লেন- পলিচি মতে কাম কৰে আৰু ৩০ খনতকৈ অধিক ফ্লেগশ্বীফ প্ৰগ্ৰাম বিটিচি চৰকাৰে হাতত লৈছে। বিটিচি চৰকাৰে সজলো জাতি-জনগোষ্ঠীক ন্যায় প্ৰদান কৰি আহিছে বুলি প্ৰমোদ বড়োৱে কয়।
হিংসামুক্ত বিটিআৰ গঠনত লোৱা সকলোৰে ভূমিকাক কৃতজ্ঞতা জ্ঞাপন অনাগত সময়ছোৱাতে শান্তি আৰু নিৰাপত্তাৰ ধাৰা বৰ্তাই ৰাখিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে প্ৰমোদ বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/08eabcc9-a6df-44df-8530-533f6df3db00/410363745_903223264705279_5310044172004217511_n.jpg)
উল্লেখ্য যে, বৰ্ষপূৰ্তি কাৰ্যসূচীত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী , বিধায়ক লৰেঞ্চ ইছলাৰী,কাৰ্যবাহী সদস্য ক্ৰমে- গৌতম দাস, ৰেওৰেৱা নাৰ্জিহাৰী, দাওবৈচা বড়ো, পাৰিষদ মাধৱ ছেত্ৰী, সজল সিংহ, বিটিআৰৰ সচিব প্ৰধান আকাশদ্বীপ উপস্থিত থাকে ৷
Also Read: গোলাঘাটৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উদঘাটন...