ডিজিটেল সংবাদ পাটাছাৰকুছি: পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত আজি ৫৫ সংখ্যক এন এছ এছৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এন এছ এছ গোটৰ 'প্ৰগ্ৰেম অফিচাৰ' মজিৱ শইকীয়াৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠান পতাকা উত্তোলনৰ জৰিয়তে শুভাৰম্ভ কৰে পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ সঞ্জয় কুমাৰ গোস্বামীয়ে।
ইয়াৰ পিছত এন এছ এছৰ স্বেচ্ছাসেৱকসকলে "স্বচ্ছতাই সেৱা অভিযান ২০২৪ " লগত সংগতি ৰাখি এটি সজাগতামূলক ৰেলী উলিয়াই পাটাছাৰকুছিৰ ৰাইজক প্লাষ্টিক মুক্ত পৰিবেশ গঢ়ি তোলাৰ বাবে আহ্বান জনায়। লগতে বাটৰ কাষত পৰি থকা প্ৰায় ৫০ কিলোগ্ৰাম প্লাষ্টিক সংগ্ৰহ কৰি তাক নিষ্কাষণৰ ব্যৱস্থা কৰা হয়।
শেষত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা সভাত ভূগোল বিভাগৰ বিষয় শিক্ষক গৌতম কুমাৰ নাথে এন এছ এছৰ প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। উল্লেখ্য যে পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটে সমগ্ৰ দেশতে মহাত্মা গান্ধীৰ জন্মদিনৰ উপলক্ষে আয়োজন কৰা ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব লগা "স্বচ্ছতা হি সেৱা অভিযান ২০২৪" পালন কৰি আহিছে।
ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ) হ'ল ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক কাৰ্যসূচী যিয়ে ছাত্ৰ-ছাত্ৰীসকলক সমাজ সেৱাত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰি আহিছে৷