শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ একবিংশতিতম বার্ষিক অধিবেশন সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ একবিংশতিতম বার্ষিক অধিবেশন সম্পন্ন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ একবিংশতিতম বার্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ বেকাজানঃ তিনি সহস্ৰাধিক ভকত বৈষ্ণৱৰ হৰি নামৰ ধবনি আৰু উপস্থিতিৰে তিতাবৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একবিংশতিতম বাৰ্ষিক অধিবেশনখনি দ্বিতীয় বৈকুণ্ঠত পৰিণত হয়। অসম-নাগালেণ্ড সীমান্তৰ নাগাজাঙ্কা বাঁহনি আঞ্চলিক শাখাৰ আতিথ্যত, বিভিন্ন দল, সংগঠন অনুষ্ঠান আৰু স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে নাগাজাঙ্কাৰ ভুগীৰাম বৰা সমন্বয় ক্ষেত্ৰত লোকাৰণ্য হৈ পৰে ।

দেওবাৰে অধিবেশনৰ দ্বিতীয় দিনা পুৱা পাতাকা উত্তোলনৰ পিছতে দুই কিলোমিটাৰ ধৰি বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া তিতাবৰ জিলাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে শৰণ সদস্য অজিত বৰাই ।

আনহাতে মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পুলক কছাৰী, প্রাণ কুৰ্মী, শিৱৰাম কুর্মী, মৰিয়নী প্রেছ ক্লাবৰ দিব্যজ্যোতি শইকীয়া, জীবন দত্ত, সম্পাদক, প্রেছ ক্লাব, অধিবেশনৰ নিৰ্দিষ্ট বক্তা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সভাপতি কৃষ্ণ কিংকৰ খাটনিয়াৰ, শিশু বক্তা শিশু চয়নিকা গগৈ, অৰুণাভ শইকীয়াই শংকৰদেৱৰ আদৰ্শৰ ওপৰত ভাষণ প্ৰদান কৰে।

সন্ধিয়া তিতাবৰ জনাৰ্দন নাট্য গোষ্ঠীৰ দ্বাৰা "ৰক্ষ কুমাৰ" ভাওনা প্রদর্শন কৰা হয়। ভাওনা উদ্বোধন কৰে ছেবাৰ অৱসৰপ্ৰাপ্ত সচিব কমলজ্যোতি গগৈয়ে। ইফালে শনিবাৰে অধিবেশনৰ প্ৰথম দিনা মূল তোৰণ উন্মোচন কৰে বংশীগোপাল হাইস্কুল প্রধান শিক্ষক অসীম গগৈয়ে, পতাকা বেদীৰ তোৰণ উন্মোচন ব্রজেন চুতীয়াই, সেৱা বাহিনী শিবিৰৰ দ্বাৰ উন্মোচন কৰে, নাগাজাঙ্কা বাঁহনি আঞ্চলিক শাখাৰ সম্পাদক চুছেন গগৈয়ে।

ইয়াৰ পিছত শিশু আই-মাতৃ কল্যাণ শাখা সমিতিৰ দ্বাৰা নাম প্রসঙ্গ হয়। দুপৰীয়া সাহিত্য আৰু শিক্ষা শাখা সমিতিৰ মুকলি অধিবেশন। অধিবেশনৰ সৈতে ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ নামামৃত উন্মোচন কৰে শ্রীমন্ত শংকৰদেৱ সঙ্ঘৰ শিক্ষা সম্পাদক চন্দ্রকান্ত ভূঞাই ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ একবিংশতিতম বার্ষিক অধিবেশন সম্পন্ন
দেৰগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in