যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰীকাৰ…

যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰীকাৰ…

author-image
asomiyapratidin
New Update
যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰীকাৰ…

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে যোৰহাটস্থিত যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰীকাই। দুয়োখন বিদ্যালয়ৰ আন্তঃগাথনি, শিক্ষা আৰু ভোজন ব্যৱস্থাৰ লগতে আৱাসগৃহকে আদি কৰি প্ৰয়োজনীয় ব্যৱস্থা সমূহৰ পৰ্যবেক্ষন আৰু যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ এটি ভোজনকক্ষ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।

Advertisment

ইয়াৰ লগতে দুয়োখন বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ সৈতে মত-বিনিময় কৰি তেখেত সকলৰ অভাৱ-অভিযোগ সমূহৰ বুজ লোৱাৰ লগতে অনতিপলমে খালী হৈ পদ সমূহ পূৰণকে আদি কৰি তেখেত সকলে অৱগত কৰা অসুবিধা সমূহ পৰ্যায় ক্ৰমে দূৰ কৰিবলৈ বিভাগীয় শীৰ্ষ বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে শিক্ষাৰ্থী সকলক তবলা,হাৰমনিয়ামকে আদি কৰি যি বাদ্যযন্ত্ৰৰ প্ৰয়োজন তাক যথাসম্ভৱ ব্যক্তিগত ভাৱে অতি কম সময়ৰ ভিতৰতে প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানত বিধায়ক ৰূপজ্যােতি কুৰ্মী , জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, জিলা সমাজ কল্যান বিষয়া ৰাজ কুমাৰ কেদিয়া মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে।

আৰু পঢ়ক:ৰাহুল জয়কাৰ হ'ব নালাগে জুবিন…

assam Piyushhazarika