ৰাহুল জয়কাৰ হ’ব নালাগে জুবিন…

ৰাহুল জয়কাৰ হ’ব নালাগে জুবিন…

মৃদুল কুমাৰ সন্দিকৈ

স্থান গোৱা। সন্মুখত বহু মানুহ। ৰাহুল জয়কাৰ আহিছে। ৰাহুল জয়কাৰৰ গান মানেই মানুহ পাগল। গীত গাই আছিল ৰাহুলে। হঠাৎ ৰাহুল জপিয়াই পৰিল দৰ্শকৰ মাজত থকা এজন যুৱকৰ ওপৰত। নাম তেওঁৰ আৰিয়ন। ৰাহুলৰ বাবে হেনো আৰিয়নৰ সংগীত কেৰিয়াৰ শেষ হৈছিল।

যুঁজ-বাগৰ চলিল দুয়োৰে মাজত। ষ্টাৰ ৰাহুলক কোনে বাধা দিয়ে। যি ইচ্ছা তাকেই কৰে। হাতত সুৰাৰ বটল তুলি ল'লে। ক'লে কৰবালৈ সি যাব? ৰাহুলৰ মেনেজাৰে বাধা দিলে। বুজালে তাৰ এই অহংকাৰী স্বভাৱ আৰু খেয়ালী গুণে তাৰ কেৰিয়াৰত প্ৰভাৱ পেলাইছে।

লণ্ডন, অষ্ট্ৰেলিয়াত গীত পৰিৱেশন কৰি থকা ৰাহুলৰ ওচৰত এতিয়া কাম নাই। মানুহে তাৰ লগত কাম কৰিব নিবিচাৰে। ক'লে, সুৰাপান বন্ধ কৰিব লাগিব। ৰাহুলে নুশুনিলে। পুনৰ অহংকাৰেৰে উত্তৰ দিলে ৰাহুলে- কালিও মই ষ্টাৰ আছিলো, আজিও মই ষ্টাৰ আৰু কাইলৈও মই ষ্টাৰ।

গাড়ীখন লৈ ৰাহুল কৰবালৈ যাব ওলাওতেই পুনৰ মেনেজাৰে বাধা দিলে-এইখন মুম্বাই নহয়, অচিনাকী ঠাই। মদ খাই গাড়ী চলাই মৰিবি। ৰাহুলৰ উত্তৰ-মই মৰিবৰ বাবে নাখাও, খাবৰ বাবে মৰো। এনেকৈয়ে আৰম্ভ হৈছিল আশ্বিকী-২ নামৰ ছবিখন।

মহেশ ভাট আৰু ভূষণ কুমাৰ প্ৰযোজনা কৰা এই ছবিখন মুক্তি পাইছিল ২০১৩ চনত। নিৰ্দেশক আছিল মোহিত ছুৰী। ৰাহুলৰ চৰিত্ৰত অভিনয় কৰিছিল আদিত্য় ৰয় কাপুৰে। সেইদিনা ৰাহুল সেই অনুষ্ঠান স্থলীৰ পৰা কাৰো বাধা নামানি গৈছিল এখন বাৰলৈ।

সেই বাৰখনত ৰাহুলৰে গান গাই আছিল আৰোহীয়ে। বাৰত গান গাই জীৱিকাৰ তাগিদাত এই ছোৱালী জনীয়ে।তাইৰ কণ্ঠ বৰ ধুনীয়া। ৰাহুলে নিজৰ গান আৰোহীৰ মুখত শুনি আপ্লুত হৈ পৰিল। এনেকৈয়ে আগবাঢ়িছিল কাহিনী। তাৰপাছত বহু ঘটনা।

আৰোহীক লৈ গৈছিল মুম্বাইলৈ। সহায় কৰিছিল আৰোহীক ৰাহুলে। ছবিখনত আৰোহীৰ চৰিত্ৰত অভিনয় কৰিছিল শ্ৰদ্ধা কাপুৰে। ৰাহুলৰ মেনেজাৰ আছিল বিবেক। ৰাহুলক লৈ সংবাদ মাধ্যম সদায় ব্যস্ত হৈ থাকে। বিবেকে বিচৰা নাছিল ৰাহুলে আৰোহীক সহায় কৰক।

তাৰ মাজত আৰু বহু কাহিনী আছে। দেখুৱাইছিল ৰাহুলৰ সুৰা শক্তিয়ে ষ্টাৰৰ পৰা কি পৰ্যায়লৈ লৈ আনিছিল। ৰাহুল আৰু আৰোহীৰ মাজত এটা সম্পৰ্ক হৈছিল। ৰাহুলৰ বাবে আৰোহীয়ে বহু কিবা বিচাৰিছিল। সুৰা মুক্ত কৰিবলৈ চেষ্টা চলাইছিল। ৰাহুলৰ সপোন আছিল আৰোহীক প্ৰতিষ্ঠা কৰা।

হয়তো এই ছবিখন বহুতেই চাইছে। হঠাৎ সেই ছবিখনলৈ মনত পৰিছে। এফালে মনলৈ আহিছে হাৰ্টথ্ৰৱ জুবিনৰ ছবি, আনফালে মনত পৰিছে ৰাহুল জয়কাৰ নামৰ আশ্বিকী-২ ৰ গায়ক জনলৈ। জুবিন সকলোৰে মৰমৰ। জুবিনৰ কিবা এটা হ'লে অসমে কান্দে।

জুবিনক লৈ বিতৰ্ক হয়। কৰিব নলগা কাম জুবিনে কৰে। তথাপিও ৭ খুন মাফ জুবিনৰ বাবে। তেওঁৰ সৃষ্টিয়ে, তেওঁৰ কণ্ঠই মানুহৰ মোহিত কৰি ৰাখে। ডিব্ৰুগড়ত জুবিন অসুস্থ হৈ পৰাৰ সময়ত লাখ লাখ লোকৰ প্ৰাৰ্থনা-সুস্থ হৈ উঠক জুবিন।

এই প্ৰতিভা অসমৰ সম্পদ। দেশৰ বাবে জুবিন এক বিস্ময়। তেওঁৰ কণ্ঠত যাদু আছে। তেওঁৰ সৃ্ষ্টিত প্ৰাণ আছে। কোনোৱেই জুবিনক হেৰুৱাব নিবিচাৰে। জুবিনক ভালপোৱা সকলে যেনেদৰে তেওঁৰ গীতৰ ভক্ত, তেওঁক সমালোচনা কৰা সকলেও জুবিনৰ সৃষ্টিক অনাদৰ নকৰে।

তেওঁৰ এটা খেয়ালী মন আছে। তেওঁ হয়তো দাম্ভিকতা বা অহংকাৰ আছে, তেওঁ যি ক'ব সেয়াই, যি ভাৱে তাকেই কৰিব। মানুহৰ প্ৰতি জুবিনৰ এটা টান আছে। সমাজৰ প্ৰতি আছে দায়বদ্ধতা। সৰু ল'ৰাৰ দৰে কেতিয়াবা আচৰণ কৰে। কেতিয়াবা উদণ্ড হৈ পৰে।

এতিয়ালৈকে জুবিনে যি দিলে সেয়া বহুত। জুবিনৰ পৰা আৰু আশা কৰাতো ভুল হ'ব নোৱাৰে। বেংককত অনুষ্ঠিত এক অনুষ্ঠানলৈ জুবিন গৈছিল। তেতিয়া মানুহে প্ৰশ্ন কৰিছিল অসুস্থ হৈ মূৰত চিলাই লৈ জুবিন কিয় যাব লাগে? আয়োজক সকলেও জুবিনক কিয় নিব লাগে?

হাস্পাতালৰ পৰা ওলাবৰ দিনা জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছিল ডাক্তৰে জিৰণী ল'বলৈ কৈছে। বৰ অসহায় হৈ পৰাৰ দৰে জুবিনৰ প্ৰতি আহ্বান জনাইছিল সেয়া কৰিলে ভাল। জুবিন বেংককলৈ গ'ল। জুবিনে গান গালে। মানুহে বিশ্বাস নকৰিলে। জুবিনে জুবিনৰ গান ইমান বেয়াকৈ গাব পাৰেনে? ইমান বেসুৰা কেনেকৈ হ'ব পাৰে জুবিনৰ কণ্ঠ।

ইমান কষ্ট কৰি জুবিনে কিয় গান গাব লাগে? জুবিনৰ প্ৰয়োজন জিৰণী লোৱা। জুবিন একক। গীত গাই থাকোতেই এনে লাগিছিল জুবিনে বৰ কষ্ট পাইছিল। জুবিনৰ দৰে এজন গায়কে অন্তত সেই কথা অনুভৱ কৰিব পাৰিব লাগে। হতাশ অনুৰাগী।

ভয় জুবিনক ভালপোৱা মানুহবোৰৰ। জুবিন শেষ হৈ গ'ল নেকি? জুবিনে সেই অনুষ্ঠানতেই সাংবাদিকক উদ্দেশ্য কৰি কিছু কথা কৈছিল। জুবিনক লৈ সংবাদ মাধ্যম বেছি ব্যস্ত হৈ পৰে নেকি। সাংবাদিকে তেওঁক যি তি প্ৰশ্ন কৰে। জুবিনে পৰামৰ্শ দিলে- সাংবাদিকে বিবিচি, চিএনএনৰ দৰে চেনেলবোৰ চাব লাগে।

জুবিনৰ এই কথাবোৰতে আন এক দিশ লুকাই আছে। সেয়া হ'ল- জুবিনক লৈ অতিকেন্দ্ৰিক অসমৰ সংবাদ মাধ্যমৰ প্ৰচাৰো জুবিনৰ বাবে কাল হৈছে। জুবিনক নীৰৱে সৃষ্টিৰ মাজত নিমগ্ন হৈ থাকিবলৈ এৰি দিব লাগে। গুণমুদ্ধ বা তেওঁৰ কাষত থকা সকলোৱেও বহুবোৰ কথা অনুধাৱন কৰা সময় কেতিয়াবাই আহিছিল।

জুবিনৰ এই অৱস্থাই ৰাহুল জয়কাৰৰ কথাবোৰ মনত পেলাইছে। যেনেকৈ শেষত আশ্বিকী-২ ৰ নায়ক জনে নিজকে শেষ কৰি দিব লগা হৈছিল সেই অৱস্থা কোনো দিনে জুবিনৰ বাবে নাহক। জুবিন এতিয়া সৰু ল'ৰা হৈ থকা নাই। আগৰ মেজাজ জুবিনৰ এৰাৰ সময় কেতিয়াবাই গৈছে।

নিজক বুজি পোৱাৰ সময় এতিয়া জুবিনৰ। তেওঁৰ সৃষ্টিয়ে সদায় তেওঁক চিৰসেউজ কৰি ৰাখিব। আৰু গীত গাব নোৱাৰিলেও জুবিন জুবিন হৈয়ে থাকিব। সুস্থ হৈ জুবিনে পুনৰ সৃষ্টিত মনোনিবেশ কৰক। নহ'লে জুবিনক নিজৰ গীত গোৱাৰ বাবে আজি এচাম মানুহে হঁহাৰ দৰে আকৌ হাঁহিব। সেই কথা নিশ্চয় জুবিনে বুজিব।

আৰু পঢ়ক: নৰেৰেকো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in