যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন...

যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন...

ডিজিটেল সংবাদ,‌ মঙলদৈ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন খন যোৱা ২৭ নবেম্বৰ তাৰিখে চপাই যুব কল্যাণ কেন্দ্ৰ, মঙলদৈ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায় । সেই দিনা ৰাতিপুৱা ৯-৩০ বজাত যুৱ-ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰি অধিবেশনৰ শুভাৰম্ভণি কৰে পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত ডেকাই । ১০ বজাত ছহিদ তৰ্পণ কৰে সাধাৰণ সম্পাদক পংকজ ডেকাই । দিনৰ ১-০০ বজাৰ পৰা আৰম্ভ হোৱা দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰে পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালী ডাঙৰীয়াই ।

তেখেতে কয় যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনেহে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ ভাষিক, সংস্কৃতি, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব । লগতে তেখেতে কয় যে বৰ্তমানৰ চৰকাৰ খনে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ধৰ্মৰ নামত মেৰুকৰণেৰে মূল সমস্যাৰ পৰা জনসাধাৰণক আতৰাই ৰাখিছে । "

অধিবেশনত দৰঙৰ মুঠ সাত খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । প্ৰতিনিধি সভাই যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে দৰং জিলাৰ মুল সমস্যাবোৰ সমাধান কৰিবলৈ চৰকাৰক হেচা প্ৰয়োগ কৰিবলৈ কৌশল গ্ৰহণ কৰে ।

নিশালৈ অনুষ্ঠিত বিষয় বাছনি সভাত ২০২২ /২০২৪ বৰ্ষৰ কাৰ্য্যকালৰ বাবে এখন নতুন কাৰ্যনিৰ্বাহ সমিতি গঠন কৰে । সভাই সভাপতি হিচাপে পংকজ ডেকা, উপ-সভাপতি হিচাবে মনমোহন ডেকা, জয়ন্ত শৰ্মা আৰু দ্বীপজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক হিচাপে দোলেন নাথ, যুটীয়া সম্পাদক হিচাপে দুলাল ডেকা আৰু দীনেশ বনিয়া সাংগঠনিক সম্পাদক হিচাপে হৰকুমাৰ ডেকা , অৰূপ চহৰীয়া, প্ৰসন্ন ডেকা, নাৰায়ণ ডেকা আৰু পবিত্ৰ ডেকা প্ৰচাৰ সম্পাদক হিচাপে প্ৰণব চহৰীয়া, বিনোদ কলিতা আৰু ত্ৰৈলোক্য শৰ্মা বিত্ত সম্পাদক হিচাপে ধ্ৰুৱজ্যোতি হাজৰিকা শিক্ষা সম্পাদক জিন্টু দলৈ ক্ৰীড়া সম্পাদক চিণ্টু ডেকা, তথ্য আৰু যোগাযোগ সম্পাদক প্ৰাঞ্জল চহৰীয়া , সাহিত্য সম্পাদক চক্ৰপাণি চক্ৰৱৰ্তী, সংস্কৃতিক সম্পাদক হিচাপে দ্বীপজ্যোতি শৰ্মা আৰু সমাজ সেৱা সম্পাদক হিচাপে কন্দৰ্প ডেকা সহ সাতজন কাৰ্য্যনিৰ্বাহক সদস্য মনোনীত কৰাৰ লগতে ভবেশ কাকতি, কমৰুল হক, দিগন্ত ডেকা, নবজ্যিৎ শৰ্মা, জয়ন্ত ডেকা, অলক ৰঞ্জন ডেকা আৰু ইন্দ্ৰজিৎ শৰ্মাৰ উপদেষ্টা নিৰ্বাচিত কৰি ছয়ত্ৰিশ জনীয়া দৰং জিলা সমিতি খন গঠন কৰা হয় ।

প্ৰতিনিধি সভাখনত কেন্দ্ৰীয় পৰ্যবেক্ষকে হিচাপে উপস্থিত থাকে পৰিষদৰ যুটীয়া সম্পাদক প্ৰণৱ জ্যোতি কলিতা আৰু সাংগঠনিক সম্পাদক মুকুট দাসৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ভবেশ কাকতি আৰু উপদেষ্টা কমৰুল হক । সভাই দিগন্ত ডেকাক কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য হিচাপে মনোনীত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in