গুৰুতৰভাৱে অসুস্থ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা

গুৰুতৰভাৱে অসুস্থ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা

ডিজিটেল ডেস্কঃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে সদ্য প্ৰয়াত এছ আই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। পূৰ্বৰে পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা সুমিত্ৰা ৰাভাৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটাত তেওঁক গুৱাহাটীৰ হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছে। জানিব পৰা মতে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে সুমিত্ৰা ৰাভা।

উল্লেখ্যে যে, জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বে ১৫ মে'ত তেওঁক কাহিলীপাৰাৰ বাসগৃহৰ পৰা নগাঁৱলৈ লৈ গৈছিল জোনমণি ৰাভাই। সেই নিশাই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হয় আৰু তেতিয়াৰ পৰা জোনমণি ৰাভাৰ মাতৃয়ে এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি কৈ অহাৰ লগতে পুনৰ কাহিলীপাৰাৰ পৰা গৈ জখলাবন্ধা আৰক্ষী থানাত দুই পৃষ্ঠাৰ এখন এজাহাৰ দাখিল কৰে।

ইফালে জোনমণি ৰাভাৰ জ্যেষ্ঠ ভাতৃ তথা সুমিত্ৰ ৰাভাৰ পুত্ৰও পূৰ্বেৰে পৰা শাৰীৰিকভাৱে অসুস্থ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু মাতৃ, ভাতৃৰ চিকিৎসা ব্যয়ো বহন কৰি আহিছিল জোনমণিয়ে। এনে পৰিস্থিতিত এতিয়া এই দুই অসুস্থ মাতৃ, পুত্ৰৰ চিকিৎসা তথা পৰৱৰ্তী জীৱনক লৈ চিন্তিত হৈ পৰিছে জোনমণি ৰাভাৰ ঘৰৰ কাষৰীয়া লোকসকলৰ লগতে পৰিয়ালৰ আন আন সদস্যসকল।

গুৰুতৰভাৱে অসুস্থ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা
আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ধৰ্ণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in