আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ধৰ্ণা

প্ৰতিবাদীসকলে "ন' এছ টি ন' ৰেষ্ট", "আছা লং লিভ", "বিজেপি গো বেক", "হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ", "নৰেন্দ্ৰ মোদী হুচিয়াৰ" আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে

author-image
Asomiya Pratidin
New Update
আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ধৰ্ণা

ডিজিটেল সংবাদ,মুছলপুৰ : অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ধৰ্ণা। মঙলবাৰে বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত মুছলপুৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হয় ৷

Advertisment

প্ৰতিবাদীসকলে "ন' এছ টি ন' ৰেষ্ট", "আছা লং লিভ", "বিজেপি গো বেক", "হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ", "নৰেন্দ্ৰ মোদী হুচিয়াৰ" আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে ২০১৬ চনত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে আদিবাসীসকলক ৩মাহৰ ভিতৰত জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু উক্ত প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি প্ৰতিবাদকাৰীসকলে আক্ষেপ প্ৰকাশ কৰে ৷ পৰিপ্ৰেক্ষিতত ছাত্ৰ সংগঠনটোৱে শাসনাধিষ্ঠিত দলটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৷

সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলক জনজাতিকৰণ নকৰিলে বিজেপি দলক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠটোৱে ৷ আছাৰ নেতৃত্বই প্ৰথমে জনজাতিকৰণ পিচত ভোট দিবলৈ প্ৰতিবাদকাৰীসকলক আহ্বান জনায় ৷

Also Read: জোনাইত শ শ গৰু-ম'হলৈ মহকুমাধিপতি কাৰ্যালয় অভিমুখী গো-পালক

mushalpur aadibashi