গুৱাহাটীত সোণাগাচি খোলা জানমণি দাসক ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ...

মহানগৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা ৬ জন নাৰী সৰবৰাহকাৰীৰ ভিতৰত ৪ জনক আৰক্ষীৰ জিম্মাত দিয়ে আজি আদালতে।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত সোণাগাচি খোলা জানমণি দাসক ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ...

ডিজিটেল ডেস্ক: মহানগৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা ৬ জন নাৰী সৰবৰাহকাৰীৰ ভিতৰত ৪ জনক আৰক্ষীৰ জিম্মাত দিয়ে আজি আদালতে। তেওঁলোক ক্ৰমে -জানমণি দাস, তন্ময় দাস, চিন্টু শৰ্মা আৰু মিলি সিং।

Advertisment

৫ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে। আদালতে অৱশ্যে তেওঁলোকক ২ দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। স্পা খুলি নাৰ দেহৰ ব্যৱসায় চলোৱাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।

মহানগৰ ক্ৰাইম ব্ৰাঞ্চৰ থানাত কেছ নম্বৰ ৯২/২২ অনুসৰি ভাৰতীয় দণ্ডবিধি ১২০বি/৩৪১.৩৭১/৫০৬/৩৪ ধাৰাত ৰুজু কৰিছে গোচৰ। নাৰী সৰবৰাহ, নাৰীক লৈ অনৈতক কাৰ্য চলোৱা আদি বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ হৈছিল জোনমণি দাস আৰু তেওঁৰ সহযোগী সকল।

আৰু পঢ়ক: পাশৱিক! ডেকা সত্ৰাধিকাৰৰ কুঠাৰঘাতত প্ৰাণ গ'ল ভকতৰ

assam Assam police