/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Junbil-Mela-Photo.jpg)
১৮ জানুৱাৰীৰ পৰা ঐতিহাসিক জোনবিল মেলা...
ডিজিটেল ডেস্কঃ ১৮ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। মৰিগাওঁ জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত শতিকাধৰি অনুষ্ঠিত হৈ অহা এই মেলাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি সবিশেষ জনাইছে জোনবিল মেলা পৰিচালনা সমিতিৰ সভাপতি জোৰসিং বৰদলৈয়ে।
তেওঁ জনোৱা অনুসৰি ইতিমধ্যে এই মেলাৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। জোনবিল মেলালৈ এইবাৰো পূৰ্বৰ দৰেই নিজ নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা ভাণ্ডাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মামা-মামীসকল আহিব।
সমান্তৰালকৈ জোনবিলত কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব চলিব। ১৯ জানুৱাৰীত হ'বলগীয়া ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মধ্য অসমৰ ১৯ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্রদান কৰিব।
এইবেলি জোনবিল মেলাৰ বাবে ৰাজ্য চৰকাৰে ৩বিঘা মাটি প্রদান কৰাৰ লগতে মেলাস্থলীত দুটা অতিথিশালা, পৰ্যটকৰ জিৰণিৰ বাবে পথৰ কাষত ১২খন স্থায়ী দীঘল চকী, পোহৰৰ বাবে ১০টা চোলাৰ লাইট স্থাপন, সৌন্দৰ্য্য বর্ধনৰ বাবে বটলব্রাছ গছপুলি ৰোপণৰো ব্যৱস্থা কৰিছে।
Also Read: শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সজাগতা সভা সম্পন্ন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us