/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fff746cc-46e2-4a8b-9a7d-e2b0e9a46540/PIJUSH_HAZARIKA_18.jpg)
শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সজাগতা সভা সম্পন্ন...
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সজাগতা সভা অনুষ্ঠিত হৈ আছে । আজি শিৱসাগৰ জিলাৰ চাউলকৰাত পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত তেনে এখন সভাত কৃষি স্বাস্থ্য, জনস্বাস্থ্য, উদ্যোগ, বাণিজ্য, শিক্ষাকে ধৰি বিভিন্ন বিভাগে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে।
সমান্তৰালভাবে সভাখনত চৰকাৰী বিষয়াসকলে বিভিন্ন আঁচনিৰ দ্বাৰা ৰাইজ কিদৰে উপকৃত হ'ব পাৰে সেই সন্দৰ্ভত বিস্তৃতভাবে প্রকাশ কৰে। সভাত ভ্রাম্যমাণ বাহনৰ জৰিয়তে চৰকাৰৰ বিভিন্ন আঁচনিৰ গুৰুত্বপূৰ্ণ তথ্য সম্বলিত দৃশ্য-শ্রব্য মাধ্যমৰ সহায়ত প্ৰদৰ্শন কৰা হয়।
কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রালয়ে এই অনুষ্ঠানতে কৃষিখণ্ডত আধুনিক "কিষাণ ড্রোণ" প্রযুক্তি কিদৰে ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। তিনিচুকীয়া জিলাতো বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰচাৰ অভিযান পূর্ণগতিত চলি আছে।
ইয়াৰ সৈতে সংগতি ৰাখি জিলাখনৰ কেইবাখনো গাঁও পঞ্চায়তত আয়োজিত ভিন্ন কার্যসূচীত ৰাইজক চৰকাৰী আঁচনিসমূহৰ লাভালাভ সন্দৰ্ভত অৱগত কৰা হয়। আনহাতে, জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযূষ হাজৰীকাৰ লগতে জনস্বাস্থ্য কাৰিকৰী পৰ্যটন বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ইকৰাতলী গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশগ্রহণ কৰে।
সভাত মন্ত্রী পীযূষ হাজৰীকাই প্রধানমন্ত্রী আবাস যোজনা, ই-শ্রম, পিএম কিষাণ, জলজীৱন মিছন, আয়ুষ্মান ভাৰত আদিৰ দৰে জনকল্যাণমূলক আঁচনিৰ ওপৰত আলোকপাত কৰি ৰাইজক চৰকাৰী আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ আহ্বান জনায়। চৰকাৰী বিষয়াসকলক আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈও তেওঁ আহ্বান জনায়।
মন্ত্রী জয়ন্ত মল্লবৰুৱাই অনুষ্ঠানত অংশ লৈ দেশৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিলেহে চৰকাৰৰ প্ৰচেষ্টা সাফল্যমণ্ডিত হ'ব বুলি মন্তব্য আগবঢ়ায়। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি যুগুতোৱা এটা ভিডিঅ' এই অনুষ্ঠানতে প্রদর্শন কৰা হয় লগতে মন্ত্রী পীযূষ হাজৰীকাই অনুষ্ঠানত উপস্থিত থকা সকলোকে বিকশিত ভাৰতৰ সংকল্প পাঠ কৰোৱায় ।
Union Govt led by Hon'ble PM Shri @narendramodi and state govt led by Hon'ble CM Shri @himantabiswa is providing tremendous attention towards the upliftment of marginalized section. In these years, several welfare schemes has been adopted ensuring holistic development of every… pic.twitter.com/V2aTCaMWzR
— Pijush Hazarika (@Pijush_hazarika) December 18, 2023
Also Read: 'চৰকাৰৰ চিভিল স্ক'ৰ ভাল বাবেই ঋণ ল'ব পাৰিছে'- বিধায়ক দিগন্ত কলিতা