/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f1a9e0c9-1226-4b59-87db-1e978a8600f8/hjj.jpg)
ডিজিটেল সংবাদ, জোনাইঃ জোনাইৰ চমকং লকলুং মিচিং গাঁৱত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে প্ৰায় ৭২ জন লোক। ইয়াৰ পাছতে ১৫ জনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে সোমবাৰে লকলুং গাঁৱৰ পানী যোগান আঁচনিত গাঁৱৰ ৰাইজে সমূহীয়া ভাৱে উদযাপন কৰে বিশ্বকৰ্মা পূজা। এই বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খোৱাৰ পিছতে নিশা ১০ মান বজাৰ পৰা বিভিন্ন জনৰ বমি, মূৰ ঘূৰনি , পেট চলা, জ্বৰ আদি লক্ষ্যণে দেখা দিয়ে। তাৰে দুগৰাকী গৰ্ভৱতী মহিলাও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
অসুস্থ হৈ পৰা লোক কেইজনৰ ১৫ জনক উন্নত চিকিৎসাৰ ভাৱে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ডেকাপাম উপ-স্বাস্থ্য কেন্দ্ৰত ১২ জন চিকিৎসাধীন হৈ আছে। ইয়াৰে বাকী বিষক্ৰিয়া হয় অসুস্থ হৈ পৰা ৪৫ জনক গাৱঁতে চিকিৎসা কৰি থকা হৈছে ৷
Also Read: নগাঁৱত দিন ডকাইতিঃ চোৰে লুটি নিলে ১৫ লক্ষাধিক টকা...