/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b56f239a-ba5f-4702-867b-7ec80c7883aa/8.jpg)
ডিজিটেল সংবাদ, জোনাইঃ জোনাই সমষ্টিৰ ৰামধন দিখাৰিত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ গ'ল প্ৰায় ১০ লক্ষধিক টকাৰ সম্পত্তি। জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন গাৱৰ নিবাসী ভৃগুৰাম তাৰাকৰ বাসগৃহত সোমবাৰে দিন দুপৰতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
জানিব পৰামতে, বিদ্যুৎ শ্বট্ চাৰ্কিটৰ ফলত বাসগৃহটোত জুইৰ সূত্রপাত হয় আৰু নিমিষতে পুৰি চাৰখাৰ হ'ল ঘৰৰ লগতে সকলো মূল্যৱান সামগ্ৰী। স্থানীয় ৰাইজে জোনাই অগ্নিনির্বাপণ বাহিনীক খবৰ দিছিল যদিও অগ্নিনিৰ্বাপক বাহিনীয়ে অহাৰ পূৰ্বেই বাসগৃহটো সম্পূর্ণভাৱে জুইত জাহ যায়।
জানিব পৰামতে, গৰু বিক্রী কৰি পোৱা ধনৰ লগতে আত্মসহায়ক গোটৰ সংগৃহীত ৩ লক্ষধিক টকা জুইত সম্পূৰ্ণৰূপে জাহ যায়। ছাঁইলৈ পৰ্যবসিত হ'ল পৰিয়ালটোৰ বহু মূল্যৱান নথি পত্ৰ। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত চাৰ খাৰ হ'ল সকলো কাপোৰ কানি। ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ পৰত গাত ল'বলৈ নাথাকিল এখনো কাপোৰ। দুৰ্ভগীয়া পৰিয়ালটোক প্ৰয়োজনীয় সাহায্য আগবঢ়াই উপকৃত কৰাবলৈ ৰাইজে চৰকাৰৰ ওচৰত আহ্বান জনাইছে।
Also Read: ৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us