জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ শিক্ষক দিৱস উদযাপন...

জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ শিক্ষক দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ শিক্ষক দিৱস উদযাপন...

ডিজিটেল সংবাজদ,জোনাইঃ জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগত আজি জিলা ভিত্তিত জোনাই মিচিং কৃষ্টি ভৱনত শিক্ষক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে প্ৰথমতে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

Advertisment

ইয়াৰ পিছত মুৰ্কংচেলেক বালিকা বিদ্যালয় ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতৰে মুকলি সভা আৰম্ভ কৰা হয়। জোনাই জিলা হাইস্কুলত শিক্ষা সন্থাৰ সভাপতি সোনেশ্বৰ বসুমতাৰীয়ে সভাপতিত্ব‌ কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক প্ৰতুল পেগুৱে। পদ্মকুমাৰ পাংগিঙে আত ধৰা মুকলি সভা উদ্বোধন কৰে সন্থাৰ উপদেষ্টা ভূমিধৰ বড়োৱে।

সভাত শিক্ষকতাৰ জৰিয়তে শৈক্ষিক আৰু সমাজ জীৱনৰ অনবদ্য অৱদান আগবঢ়োৱা কৃতী শিক্ষক ক্ৰমে ৰাজেন কামনা, লক্ষীকান্ত পাতিৰ, অমিয় কুমাৰ কুম্বাং, পৰমানন্দ দাৰিগ, খগেন চেত্ৰী, প্ৰদীপ কুমাৰ গগৈ, থুলেশ্বৰ পেগু, মাধৱী গোহাঁই, চবিলাল ফকৰেল, চেনিৰাম দলে, ভদ্ৰেশ্বৰ বৰুৱা, মোহিম পাৱ, ডেকানাথ টায়ে,‌ ধৰেন্দ্ৰ বসুমতাৰী, ঘনকান্ত গগৈ, জ্যোতি কুমাৰ দত্তক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

সভাত জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে‌ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি‌‌ শ্ৰেষ্ঠ মানৱ সম্পদ গঢ়াৰ খনিকৰ স্বৰূপ শিক্ষকসকলক সদায় উচ্চ আসনত ৰাখিব লাগে বুলি উল্লেখ কৰি শিক্ষাই সমাজ তথা জাতিৰ উন্নয়নৰ মূল চালিকাশক্তি বুলি মন্তব্য কৰে।

সভাত ড০ প্ৰান্তিকা শৰ্মা, সাংবাদিক ৰয়েল পেগু, গৌতম পেগু, জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ উপদেষ্টা ৰূপা দলে পেগু, কেশৱ কাৰ্দং, সদানন্দ পেগু, বন্ধুৰাম চুংক্ৰাং, প্ৰাণজিত পেগু, পদ্মৰাম চাৰহ, খগেৰাম পেগু, উপ-সভাপতি উপেন পেগু, গোপাল চেত্ৰী, শান্তাসিং চুব্বা, কিষাণ সোনোৱাল, কস্মীতা পেগু, বীৰেন কুলি, জগদীশ মহন্ত, ধনবীৰ পেগু, কেনেদী মৰাং, পদ্মকুমাৰ পেগু, দিলীপ বসুমতাৰী, বিজয় লাগাচু, শংকধৰ মিলি, ৰিজুমণি পেগুৰ লগতে বহু শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে। অনুষ্ঠানত বহু ছাত্ৰ-ছাত্ৰীয়ে নেত্যৃ- গীত পৰিৱেশন কৰে।

Also Read: মঙলদৈ চিলড্ৰেন হ'ম মডেল স্কুলৰ প্ৰশংসনীয় পদক্ষেপ...

জোনাই