ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ চিলড্ৰেন হ'ম মডেল স্কুলৰ উদ্যোগত বৃহস্পতিবাৰে বিদ্যালয় প্ৰাংগনত শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে পুৱা ৯,৩০ বজাত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নগেন্দ্ৰনাথ শৰ্মাই বন্তি প্ৰজ্বলন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-05/uyy4ootg/716f584e-b5c1-42fe-8c3e-6a2e7bf9544b.jpg)
অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নগেন্দ্ৰনাথ শৰ্মা, ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপক শিক্ষক শশাংক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত, চিলড্ৰেন হ'ম মডেল স্কুলৰ সঞ্চালক পিংকুমণি দাস, অধ্যক্ষ কবিতা শইকীয়া আদিয়ে বক্তব্য প্ৰদান কৰে।
ছাত্ৰ ছাত্ৰী সকলে গীত - নৃত্য পৰিবেশন কৰাৰ পিছত বিদ্যালয়ৰ এটি সঁজাতি দল হিৰাপাৰা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰনাথ শৰ্মাৰ মঙলদৈ বামুণপাৰা বাসগৃহ আৰু ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰফিক উদ্দিন আহমেদক মঙলদৈ ২ নং ৱাৰ্ডৰ গৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-05/w846tkv8/4723a686-0290-4a35-96e2-1393aa21891c.jpg)
প্ৰচাৰ বিমুখ শিক্ষক দুগৰাকী বৰ্তমান শাৰীৰিক ভাৱে কিছু অসুস্থ হৈ আছে। বিদ্যালয়খনৰ কৰ্তৃপক্ষই এই দুগৰাকী শিক্ষকক শিক্ষক দিৱসৰ দিনাই সম্বৰ্ধনা জ্ঞাপন কৰাত শিক্ষানুৰাগী ৰাইজে প্ৰশংসা কৰিছে।