অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সন্দৰ্ভত জোনাইত ৰাইজ মেল…

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সন্দৰ্ভত জোনাইত ৰাইজ মেল…

author-image
asomiyapratidin
New Update
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সন্দৰ্ভত জোনাইত ৰাইজ মেল…

ডিজিটেল সংবাদ  জোনাই: আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত আৰু বাহিৰ জোনাই গাঁও পঞ্চায়তৰ সহযোগত শুক্ৰবাৰে "অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ" সন্দৰ্ভত এখন "ৰাইজ মেল"  অনুষ্ঠিত কৰা হয়। অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদ আৰু বিজ্ঞান প্রযুক্তি বিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগ, অসম চৰকাৰৰ পৃষ্ঠপোষকতা অনুষ্ঠিত হোৱা তথা বাহিৰ জোনাই পঞ্চায়তৰ সভানেত্ৰী জিনিটা কছাৰী কুম্বাঙে সভাপতি কৰা ৰাইজ মেল খনত আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ সমন্বয়ক প্ৰদীপ কুমাৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰে।

Advertisment

বাহিৰ জোনাই পঞ্চায়তৰ সভা কক্ষত অনুষ্ঠিত হোৱা ৰাইজ মেলত প্ৰদীপ কুমাৰ গগৈয়ে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে সমাজত পেলোৱা কু-প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰি আর্যভট্ট বিজ্ঞান কেন্দ্ৰই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিৰ্মূলৰ বাবে কৰি অহা বিভিন্ন কৰ্মসূচী ব্যাখ্যা কৰে।

সভাত জোনাই মহকুমা আৰক্ষীৰ বিষয়া ভাৰ্গৱমণি দাসে যুক্তি আৰু উদাহৰণসহকাৰে সমাজৰ মাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস আৰু কু-সংস্কাৰ উল্লেখ কৰি ইয়াৰ নিৰ্মূলৰ বাবে বৈজ্ঞানিক যুক্তি আগবঢ়ায়। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কু-প্ৰভাৱৰ ফলত দেখা দিয়া বিভিন্ন আইন-শৃংখল সমস্যা উল্লেখ কৰি আইনী দিশ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। তদুপৰি তেওঁ সীমান্তৱৰ্তী জোনাইৰ মহকুমাত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱা বিষয়ে উল্লেখ কৰি ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱক, সচেতন নাগৰিক ৰাইজক সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান জনায়।

সাংবাদিক ৰয়েল পেগুৱে নিজৰ ভাষণত কয়- বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ অবাধ জয়যাত্ৰাৰ দিনত আমাৰ সমাজখন অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আবৰি ৰাখাটো দুৰ্ভাগ্যজনক। অন্ধবিশ্বাস আৰু কু-সংস্কাৰ কোনো বৈজ্ঞানিক যুক্তি নাই। অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিৰ্মূলৰ বাবে সমাজৰ সকলো স্তৰৰ লোকে যত্ন কৰাৰ লগতে নতুন প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি ছাত্ৰাৱস্থাৰ পৰা বিজ্ঞান মানসিকতা গঢ় দিব লাগিব বুলি মন্তব্য কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে এচাম লোকে অন্ধবিশ্বাস বিয়পাই দিয়াৰ কথা উল্লেখ কৰি বিশেষকৈ গ্ৰাম্যাঞ্চলত এই ব্যাধি ৰোধ কৰিবলৈ অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। বিশিষ্ট নাগৰিক শৈলধৰ পেগু, কাউন্সিলৰ ত্ৰৈলোক্য সোণোৱাল, দীপক বৰগোহাঁই, জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আঁচনি বিষয়া ৰজ বৰুৱা আদিৰ লগতে পাঁচ শতাধিক ৰাইজে উপস্থিত থাকে।

আৰু পঢ়ক : ১,২,৩ নহয় 1,2,3…

assam aryavatta bigyan kendra jonai