১,২,৩ নহয় 1,2,3…

১,২,৩ নহয় 1,2,3…

মৃদুল কুমাৰ সন্দিকৈ

সপোন আমি মাতৃভাষাতেই দেখো। জীৱনত আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ নিজৰ মাতৃভাষাত লোৱাৰ সুফলৰ কথা বহু প্ৰতিষ্ঠিত লোকে কৈ গৈছে। মাধ্যম এতিয়া অন্তৰায় হ'ব নোৱাৰে।

বিশ্বৰ কোণে কোণে ফেচবুক আজি জনপ্ৰিয়। একেলগে অনলাইন মাৰ্কেটিং চাইটবোৰেও সমগ্ৰ বিশ্ব ছানি ধৰিছে। দেখি ভাল নালাগেনে যেতিয়া ফেচবুকত আমি অসমীয়া ভাষা ব্যৱহাৰ কৰিব পাৰো। অনলাইন মাৰ্কেটিং চাইটবোৰে যেতিয়া আমাৰ নিজৰ ভাষাত কোনো বিজ্ঞাপন দিয়ে।

এনেকৈয়ে এতিয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজলৈ ইংৰাজীৰ বিপৰীতে থলুৱা ভাষাত জৰিয়তে ব্যৱসায় বিস্তাৰ কৰিছে। বুজি পাই এই সংশ্লিষ্ট লোকসকলৰ বাবে থলুৱা ভাষা ব্যৱহাৰ কৰাতো তেওঁলোকৰ ব্যৱসায়ৰ সফলতাৰো মাপকাঠি হ'ব পাৰে।

ফেচবুকেও অসমীয়া সংস্কৰণ উপভোক্তা বা ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰি দিছে।এয়াই হ'ল থলুৱা ভাষাৰ প্ৰতি ব্যৱসায়ীক দৃষ্টিৰে হ'লেও মানুহৰ থকা টানৰ কথা বোধগম্য হোৱাৰ এক পৰিৱেশ।

এদিন ইংৰাজী মাধ্যমৰ বিদ্যালয় অসমত ইমান নাছিল। তেতিয়াৰ শিশু সকলে অসমীয়া মাধ্যমতে পঢ়ি সমাজৰ বিভিন্ন স্তৰত প্ৰতিষ্ঠিত হৈছিল। ইংৰাজী তেওঁলোকে শিকিছিল। কিন্তু নিজ মাতৃভাষাক বিজতৰীয়া হ'ব দিয়া নাছিল।

কোনো এটা বিষয় মাতৃভাষাত শিকাৰ মাদকতাই বেলেগ। শিক্ষা মানে কেৱল মুখস্থ বিদ্যা নহয়। অসমত এনে বহু অসমীয়া মাধ্যমৰ বিদ্যালয় আছে য'ত অসমীয়াৰ উপৰিও ইংৰাজী ভাষাৰ শিক্ষা সু-পৰিকল্পিতভাৱে দিয়া হয়।এই বিদ্যালয়বোৰৰ ছাত্ৰ সকল দুয়োটা ভাষাতেই পাৰ্গত।  উদাহৰণ স্বৰূপে নুনমাটী অসম জাতীয় বিদ্যালয়ৰ কথা ক'ব পাৰি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিন ঘোষণা কৰিছিল চিকিৎসা বিজ্ঞান, অভিযান্তিক পাঠ্যক্ৰমৰ শিক্ষা অসমীয়া মাধ্যমত হ'ব। সেই সময়ত এই ঘোষণাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াও হৈছিল। ব্যৱহাৰিকভাৱে সেয়া সম্ভৱ নে অসম্ভৱ তাক লৈ আলোচনা চলিছিল।

ভাষা এটা সমৃদ্ধ হয় শব্দৰে, সাহিত্যৰে। ব্যৱহাৰ নকৰাৰ ফলত বা ভাষাটোক উদাসীন ৰূপত এৰি দিয়াৰ বাবে বহু ভাষা, উপভাষা কালৰ গতিত হেৰাই যায়। সংস্কৃত ভাষা এসময়ত জয় জয়, ময় ময় অৱস্থা আছিল।সেই ভাষা এতিয়া মৃতপ্ৰায় দশা।

সময়ৰ সৈতে খাপ খুৱাই বহু সিদ্ধান্ত ল'ব লগা হয়। কিন্তু এনে অদূৰদৰ্শী সিদ্ধান্ত ল'ব নালাগে যে যিবোৰে এটা ভাষাক মৃত্যু পথলৈ ঠেলি দিব পাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান ছাত্ৰ-ছাত্ৰী সকলে ইংৰাজী মাধ্যমত পঢ়িব লাগিব।২৮ জুলাই ২০২২ ত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত এয়া।

অংগনবাড়ীৰ পৰা তৃতীয় শ্ৰেণীলৈ মাতৃভাষাত পঢ়িলেও তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই দুই বিষয় ইংৰাজীত অধ্যয়ন কৰিলে কি লাভ হ'ব বা কি লোকচান হ'ব সেয়া ভালদৰে বিচাৰ বিশ্লেষণ কৰিব লগা কথা।

একেদৰে চৰকাৰে সিদ্ধান্ত লৈছে অসমীয়া মাধ্যমৰ কিছু বিদ্যালয়ত ইংৰাজী ভাষা প্ৰৱৰ্তন কৰা হ'ব। ইয়াৰ বাবে পুৰণি শিক্ষক সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব।সমাজ অধ্যয়ন বিষয় প্ৰত্যাহাৰ কৰি নতুনকৈ বুৰঞ্জী আৰু ভুগোল বিষয় প্ৰৱৰ্তন কৰিব।

অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। সেই যুক্তিতেই প্ৰতিখন জিলাতে ৫ৰ পৰা ১০ খন চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

অসমীয়া ভাষা অধ্যয়নৰ প্ৰতি যি সময়ত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিছিল সেই সময়ত এনে সিদ্ধান্ত সঁচাই জাতি আৰু ভাষাৰ স্বাৰ্থত লাভজনক হ'বনে? জাপানত জাপানী, চীনত চাইনিজ ভাষা পঢ়োৱা হয়।ইংৰাজী ভাষা নপঢ়াৰ বাবে তেওঁলোকৰ উন্নয়নত কোনো হেঙাৰ হোৱা নাই।

যদি দুটা বিষয় ইংৰাজীত পঢ়িবই লাগে তেনেহ'লে বাকী তিনি চাৰিটা বিষয় অসমীয়া মাধ্যমত পঢ়াৰ যুক্তি ক'ত? যি সকল অভিভাৱকে নিজ সন্তানক অসমীয়া মাধ্যমত পঢ়াই আহিছিল তেওঁলোকে এতিয়া ইংৰাজী মাধ্যমতে ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ সিদ্ধান্ত ল'ব।

ইয়াৰ ফল অসমীয়া ভাষাত, অসমীয়া জাতিৰ ওপৰত বৰ বেয়াকৈ নপৰিবনে? হয়তো এনে এটা দিন আহিব অসমীয়া জাতি থাকিব,অসমীয়া কবলৈ মানুহ নাথাকিব। যি সকলে এনে কৰাৰ উদ্যোগ লৈছে তেওঁলোকৰ উদ্দেশ্য কি?

 অসমীয়া ভাষাত পঢ়ি মানুহ প্ৰতিষ্ঠা হ'ব নোৱাৰে নেকি? গাঁৱৰ এল পি স্কুলত অসমীয়া মাধ্যমত পঢ়ি যোৱা বহু ছাত্ৰই এতিয়া দেশ বিদেশত প্ৰতিষ্ঠিত। এইটো প্ৰয়োজন আছিল যে ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰী সকলে ইংৰাজীৰ লগতে যাতে অসমীয়া ভাষাও শিকিব পাৰে তাৰ ব্যৱস্থা কৰা।

তাকে নকৰি গণিত আৰু বিজ্ঞানৰ পৰা শিক্ষাদানৰ মাধ্যম ইংৰাজীকৰণ  কৰি অসমীয়া ভাষাৰ প্ৰতি এনে অন্যায় কৰিবলৈ চৰকাৰে পৃষ্ঠপোষকতা কৰিছে।নতুন শিক্ষানীতি অনুসৰি অসমীয়া মাধ্যমৰ পাঠ্যক্ৰম সমূহ সময় অনুসৰি উন্নিতকৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল।

চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতি জাতীয় সংগঠন সমূহ , অসম সাহিত্য সভাৰ স্থিতি কি হয় সেয়া লক্ষ্যণীয় হ'ব।১,২,৩,৪ হেৰাই যাব নেকি এদিন? যিহেতু ছাত্ৰ-ছাত্ৰী সকলে যদি ইংৰাজী মাধ্যমতে গণিত শিকিব লগা হয় তেন্তে এইবোৰ থাকিব কেনেকৈ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in