কোচ-ৰাজবংশী সকলৰ কমতাপুৰ পোৱাৰ অধিকাৰ আছে : জোন দাস

অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাসে জাঙুৰ খাই উঠিল সোমবাৰে । বিটিআৰত গাঁও অন্তৰ্ভুক্তিয়ে অনাবড়ো জনতাৰ মনত তীব্র বেদনা আনি দিছে বুলি অভিযোগ কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক জোন দাসে।
কোচ-ৰাজবংশী সকলৰ কমতাপুৰ পোৱাৰ অধিকাৰ আছে : জোন দাস

ডিজিটেল সংবাদ, বাক্সা: অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাসে জাঙুৰ খাই উঠিল সোমবাৰে । বিটিআৰত গাঁও অন্তৰ্ভুক্তিয়ে অনাবড়ো জনতাৰ মনত তীব্র বেদনা আনি দিছে বুলি অভিযোগ কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক জোন দাসে।

যাৰ ফলত অবড়ো সুৰক্ষা সমিতিয়ে ২৪ ঘণ্টীয়া অসম বন্ধ দিব লগীয়া হৈছে বুলিও তীব্ৰ ভাষাৰে সমালোচনা কৰিছে । তথাপিও চৰকাৰৰ গা লৰা নাই। বিটিআৰত বসবাস কৰা ২২ লাখ অবড়ো জনতাৰ মাটিৰ সমস্যা, ভাষাৰ সমস্যা এতিয়াও সমস্যা হৈয়ে আছে বুলিও কয় ।

আনকি পশু চিকিৎসা বিভাগত ৭৫% নিযুক্তি কেৱল মাত্ৰ জনজাতীয় লোকৰ কাৰণে সংৰক্ষিত। তেন্তে অজনজাতীয় ল'ৰা-ছোৱালীৰ ভৱিষ্যত কি হ'ব বুলিও প্ৰশ্ন কৰে । আনফালে বিটিচিৰ সচিবালয়ৰ মূলদ্বাৰত অসমীয়া ভাষাটো সন্নিবিষ্ট কৰিবলৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিলে কিন্তু প্ৰমোদ বড়োৱে অসমীয়া ভাষা সন্নিবিষ্ট নকৰিলে, এই কথাই ইয়াকে প্ৰমাণ কৰে যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো চৰকাৰৰ সম উন্নয়ন, সম বিকাশ কেৱল মাথো শ্লোগান মাথোঁহে ।

অবড়ো নেতাগৰাকীয়ে ইয়াকো দোহাৰে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৱে কোৱা অনুসৰি গহপুৰ, বিশ্বনাথ আদি যি সমূহ গাঁও বিটিআৰত অন্তর্ভুক্ত কৰিলে সেই সমূহ গাওঁৰ এটা ঐতিহাসিক সংযোগ আছে। যদি সেয়াই হয় তেন্তে কোচ- ৰাজবংশী সকলৰো কমতাপুৰ পোৱাৰ অধিকাৰ আছে।

কিয়নো চিলাৰায়ৰ কথা ইতিহাস বিদিত। গতিকে এক প্ৰকাৰ সমৰ্থন কৰি অবড়ো নেতা গৰাকীয়ে কোচ-ৰাজবংশী সকলক অনুসূচীত জনজাতি কৰণ আৰু ৰাজ্য প্ৰদান আইনগত বুলি উল্লেখ কৰে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক জোন দাসে।

আৰু পঢ়ক: ভাৰতক 'প্ৰকৃত বন্ধু' আখ্যা তুৰস্কৰ, ধ্বংসস্তুপত পৰিণতি ৰাষ্ট্ৰক ২৪ ঘন্টাৰ ভিতৰতে সহায়...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in