পথাৰৰ মাজত জন্ম দিলে সন্তান, প্ৰখৰ ৰদত মৃত্যু নৱজাতকৰ

সৰ্থেবাৰীত অঘটন। মুকলি পথাৰৰ মাজত সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই। মঙলবাৰে সংঘটিত হৈছে এই ঘটনা। অকলশৰীয়া প্ৰসূতি গৰাকীয়ে প্ৰখৰ ৰদতে প্ৰসৱ কৰিলে সন্তান

author-image
Asomiya Pratidin
New Update
পথাৰৰ মাজত জন্ম দিলে সন্তান, প্ৰখৰ ৰদত মৃত্যু নৱজাতকৰ

ডিজিটেল ডেস্কঃ সৰ্থেবাৰীত অঘটন। মুকলি পথাৰৰ মাজত সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই। মঙলবাৰে সংঘটিত হৈছে এই ঘটনা। অকলশৰীয়া প্ৰসূতি গৰাকীয়ে প্ৰখৰ ৰদতে প্ৰসৱ কৰিলে সন্তান। যাৰ বাবে ৰদত মৃত্যু হয় নৱ জাতকটিৰ।

Advertisment

কি কাৰণত অকলে আহি পথাৰৰ মাজত সন্তান প্ৰসৱ কৰিব লগীয়া হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। বটিয়া আৰু খৰিয়াৰ মাজত থকা পথাৰখনত সন্তান প্ৰসৱ কৰা মহিলাগৰাকী বিধৱা বুলি জানিব পৰা গৈছে।  মহিলা গৰাকীৰ ঘৰ ৭ নং কাৱৈমাৰী ব্লকত।  

এগৰাকী ব্যক্তিয়ে পথাৰ খেতি চাবলৈ অহাতে প্ৰত্যক্ষ কৰে মহিলাৰ গৰাকীক আৰু তেতিয়াই পোহৰলৈ আহে ঘটনা। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু স্বাস্থ্য কৰ্মীক খবৰ দিয়ে ৰাইজে। পৰৱৰ্তী সময়ত মহিলাগৰাকীক হাস্পাতাললৈ লৈ যোৱা হয়। আনহাতে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Also Read: ৱাল ভাঙি কাৰ্যালয়ত সোমাল তীব্ৰবেগী ডাম্পাৰ, থিতাতে নিহত এজন

Assam police