ন-পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই, এয়া মিডিয়া আৰু বিৰোধীৰ চক্ৰান্ত: যোগেন মহন

ন-পুৰনি বিজেপিৰ মাজত কোনো সংঘাত নাই, এয়া মিডিয়া আৰু বিৰোধীৰ চক্ৰান্ত: যোগেন মহন

author-image
Asomiya Pratidin
New Update
ন-পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই, এয়া মিডিয়া আৰু বিৰোধীৰ চক্ৰান্ত: যোগেন মহন

ডিজিটেল সংবাদ, চিলাপথাৰঃ ন-পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই এয়া মিডিয়া আৰু বিৰোধীৰ চক্ৰান্ত। আমাৰ দল ঠিক মতে চলি আছে- এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ ।

Advertisment

চিলাপথাৰ‌ ঘাৰমৰা আদৰ্শ সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ পিতৃ প্ৰেমকৃষ্ণ দেৱগোস্বামীৰ সোঁৱৰণত অনুষ্ঠিত প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত উপস্থিত থাকি তেওঁ এইদৰে কয়।‌

লগতে উঠি অহা প্ৰজন্মক ড্ৰাগচৰ দৰে বৰবিহৰ পৰা ৰক্ষা কৰি এখন সুস্থ সবল সমাজ‌ গঠন কৰিবলৈ খেলা-ধূলাক গুৰুত্ব দিয়াৰ আহ্বান জনায় মন্ত্ৰীজনে।

বুধবাৰে নিশা ধেমাজি আৰু গৰৈমাৰীৰ মাজত অনুষ্ঠিত উত্তেজনা পূৰ্ণ চূড়ান্ত খেলখনত উপস্থিত থাকে স্থানীয় বিধায়ক ভূবন পেগু,এম পি প্ৰদান বৰুৱাৰ লগতে বহু বিশিষ্ট ব্যক্তি । চূড়ান্ত খেলখনত বিজয়ী (ধেমাজি) আৰু বিজিত দলৰ মাজত পুৰস্কাৰ প্ৰদান কৰে।‌

Also Read: মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ, হত্যা কৰি পেলাই থৈ গ'ল এজনক...

bjp