মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ, হত্যা কৰি পেলাই থৈ গ'ল এজনক...

মহানগৰীত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাজনিত ঘটনা। প্ৰায় প্ৰতি দিনেই উদ্ধাৰ হৈছে মৃতদেহ

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

bokajan lightning

ডিজিটেল ডেস্কঃ মহানগৰীত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাজনিত ঘটনা। প্ৰায় প্ৰতি দিনেই উদ্ধাৰ হৈছে মৃতদেহ। ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱা মহানগৰীত পুনৰ উদ্ধাৰ হয় যুৱকৰ মৃতদেহ।

মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। নতুন উৰণীয়া সেঁতুৰ ওপৰত উদ্ধাৰ এটি মৃতদেহ। মৃতদেহটো ই-ৰিক্সা চালক দিপু নামৰ লোকজনৰ বুলি চিনাক্ত কৰিছে স্থানীয়লোকে।

উল্লেখ্য যে, মৃতদেহটোত আঘাতৰ স্পষ্ট দাগ পোৱা গৈছে। যাৰ বাবে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশই। কোনোৱে মাৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে গড়চুক আৰক্ষী। তদন্তৰ পাছতহে পোহৰলৈ আহিব মৃত্য়ুৰ প্ৰকৃত কাৰণ।

Also Read: মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন IPS বিষয়া

Assam police