হাজোত একাঙ্কিকা নাট প্ৰতিযোগিতা সমাৰোহ উদ্বোধন জিতুল সোনোৱালৰ

হাজোত একাঙ্কিকা নাট প্ৰতিযোগিতা সমাৰোহ উদ্বোধন জিতুল সোনোৱালৰ

author-image
Asomiya Pratidin
New Update
হাজোত একাঙ্কিকা নাট প্ৰতিযোগিতা সমাৰোহ উদ্বোধন জিতুল সোনোৱালৰ

ডিজিটেল সংবাদ,হাজো : হাজোৰ হালোগাঁৱত ৰূপালীমৰ উদ্যোগত একাঙ্কিকা নাট প্ৰতিযোগিতা সমাৰোহ অনুষ্ঠিত কৰা হৈছে। শশাংক দাস কলিতা সোঁৱৰণী একাঙ্কিকা নাট প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোনোৱালে।

Advertisment

উল্লেখ্য যে হাজো অঞ্চলত নাট্যজগতত বিশেষ অৱদান আগবঢ়োৱা শশাংক দাস কলিতাৰ পবিত্ৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে হালোগাঁও সেৱক সংঘৰ পঞ্চম বৰ্ষত ভৰি দিয়া এই নাট সমাৰোহখনি আয়োজন কৰা হৈছে। সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ ১৯ টাকৈ দলে অংশগ্ৰহণ কৰে।

কেইবাগৰকী বিশিষ্ট ব্যক্তিয়ে অংশ লোৱা উদ্ধোধনী অনুষ্ঠানত স্মৰণিকা ৰূপালীম উন্মোচন কৰা হয়। অতি উন্নত মানদণ্ডৰ নাটে অঞ্চলটোৰ উপস্থিত থকা ৰাইজক মনোৰঞ্জন দিয়ে। যিটো সময়ত একাঙ্কিকা নাটৰ মাদকতা সমাজ ব্যৱস্থাৰ পৰা হেৰাই গৈছে তেনে সময়ত ৰূপালীমৰ এনে যোগাত্মক পদক্ষেপ শলাগ ল'বলগীয়া।

Also Read: খটখটিত ভয়ংকৰ অগ্নিকাণ্ড

Natak hajo