আজিৰ বাজেটখন এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট: লুৰীণজ্যোতি গগৈ

আজিৰ বাজেটখন এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট: লুৰীণজ্যোতি গগৈ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰে অন্তৱৰ্তী বাজেট। ইয়াৰ পাছতে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই বিভিন্ন দল-সংগঠনকে ধৰি বহুজনে।

এই বাজেটৰ ওপৰচ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে কয় যে, আজিৰ বাজেটখন এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট ৷ বাজেটখনত ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্টৰূপত প্ৰকট হৈ পৰিছে ৷ ১৪০ কোটি জনগণৰ ৮০ কোটি জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে ৷ অৰ্থাৎ, দেশত দৰিদ্ৰতা এইটো স্তৰত আছে৷ এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনোধৰণৰ আশা কঢ়িয়াব নোৱাৰিলে ৷

লগতে কয় যে,ঋণৰ বোজাত দেশবাসীয়ে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ১৬২ লাখ কোটি টকাৰ ঋণৰ বোজা৷ তাৰ মাজতেই এই বাজেটৰ জৰিয়তে কেৱল মাত্ৰ চমক সৃষ্টিৰ চেষ্টা চলাইছে কেন্দ্ৰই ৷ উৎপাদনমুখী বাজেট এখন আশা কৰিছিল দেশবাসীয়ে ৷ কিন্তু, সেয়া পোৱা নগ’ল৷

উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাথাকিল আজিৰ বাজেটত ৷ সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ'ল বাজেটত৷ দৰিদ্ৰ, মধ্যবিত্তৰ জীৱনধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লেখ নাথাকিল এই বাজেটত ৷ কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ এই বাজেট প্ৰস্তুত কৰা হৈছে বুলি কয় গগৈয়ে।

লগতে কয়, দেশৰ মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনোধৰণৰ সুস্পষ্ট, বিজ্ঞানসন্মত নীতি নাই - এই বাজেটেই সেয়া প্ৰমাণ কৰিলে৷ সামগ্ৰিকভাৱে আজিৰ বাজেট সাধাৰণ জনতাৰ ভোট কিনা এখন বাজেট হিচাপে পৰিগণিত হ’ল ৷

আজিৰ বাজেটখন এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট: লুৰীণজ্যোতি গগৈ
মোক বিজেপিয়ে কাৰাগাৰত ৰাখিলেও মই ওলাই আহিমঃ মমতা বেনাৰ্জী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in