চুপাৰি মাফিয়াক ধন দাবীঃ বজালীৰ আৰক্ষী অধীক্ষকক বদলি

বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক বদলিৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ।

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্কঃ বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক বদলিৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে সিদ্ধাৰ্থ বুঢ়াগোহাঁইক। ইয়াৰ বিপৰীতে বজালীৰ নতুন আৰক্ষী অধীক্ষক হিচাপে আজাগৱাৰণ বসুমতাৰীক নিযুক্তি দিয়া হয়।

Advertisment

উল্লেখ্য যে, চুপাৰি মাফিয়াক ধন দাবী কৰাৰ ঘটনাৰ অভিযোগত শুকুৰবাৰে বজালীৰ ডি এছ পিকে ধৰি কেইবাজনকো আটক কৰিছিল চি আই ডিয়ে। এই ঘটনাৰ পাছতেই আৰক্ষী অধীক্ষগৰাকীক বদলিৰ নিৰ্দেশ দিয়ে অসম আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষই।

Also Read: নিযুক্তিৰ নামত বিজেপি নেতাৰ ধন সংগ্ৰহঃ CBIৰ তদন্তৰ দাবী 'আপ'ৰ

Assam police