মুম্বাই ইণ্ডিয়ানছত অসমৰ জিণ্টিমণি, মঙলদৈত আনন্দৰ বন্যা...

আই পি এলৰ মঞ্চত দেখা পোৱা যাব আন এগৰাকী অসম সন্তানক। আবু নেচিম আৰু ৰিয়ান পৰাগৰ

author-image
Asomiya Pratidin
New Update
মুম্বাই ইণ্ডিয়ানছত অসমৰ জিণ্টিমণি, মঙলদৈত আনন্দৰ বন্যা...

ডিজিটেল সংবাদ,মঙলদৈঃ আই পি এলৰ মঞ্চত দেখা পোৱা যাব আন এগৰাকী অসম সন্তানক। আবু নেচিম আৰু ৰিয়ান পৰাগৰ পাছতেই আই পি এলত দেখা পোৱা যাব মঙলদৈৰ গৌৰৱ তথা অসম কন্যা জিন্টিমণি কলিতাক।

পুৰুষ আই পি এলৰ অভূতপূৰ্ব সাফল্যৰ পাছত বি চি চি আয়ে অনুষ্ঠিত কৰিব মহিলা আই পি এল। মহিলা ক্ৰিকেটাৰসকলক লৈ অনুষ্ঠিত হ'ব এই মহিলা আই পি এল। এই আই পি এলতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম কন্যা তথা মঙলদৈ গৌৰৱ জিণ্টিমণি কলিতা।

প্ৰতিভাৱান ক্ৰিকেটাৰ জিন্টিমণিক মুম্বাই ইণ্ডিয়ানছ দলে ১০ লাখ টকাত ক্ৰয় কৰে। উল্লেখ্য যে, মঙলদৈৰ শান্তিপুৰৰ নিবাসী নকুল কলিতা আৰু শেৱালী কলিতাৰ একমাত্ৰ কন্যা জিণ্টিমণি কলিতা।

মুম্বাই ইণ্ডিয়ানছৰ দৰে দলত স্থান লাভ কৰি অসমৰ লগতে দৰঙৰ মঙলদৈ লৈ গৌৰৱ কঢ়িয়াই আনে জিণ্টিমণিয়ে। জিণ্টিমণিৰ এই সফল্যত মঙ্গলবাৰে মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান জ্ঞান সাগৰ একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰাক্তন ছাত্ৰীগৰাকীক উষ্ম আদৰণি জনায়।

আৰু পঢ়কঃপোৰাকুছি - ডিংডিঙিত সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজাৰ পূৰ্ণ প্ৰস্তুতি

Indian Premier League mumbai indians riyan parag abu nechim ahmed