ৰঙিয়াৰ ৰাধা-কৃষ্ণ মন্দিৰত ঝুলন যাত্ৰা মহোৎসৱ

ৰঙিয়াৰ ৰাধা-কৃষ্ণ মন্দিৰত ঝুলন যাত্ৰা মহোৎসৱ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ ৰাধা-কৃষ্ণ মন্দিৰত ঝুলন যাত্ৰা মহোৎসৱ

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ ৰাধা-কৃষ্ণ মন্দিৰত ৭ দিনীয়াকৈ আৰম্ভ হৈছে ঝুলন যাত্ৰা মহোৎসৱ। নামনি অসমৰ এক আধ্যাত্মিক পৰিৱেশৰ সন্মিলনস্থলী ভগৱান শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা।

Advertisment

মাৰোৱাৰী সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি অসমীয়া, বঙালী আদি সকলো ধৰ্মীৰ লোকৰ উপাসনাস্থলী প্ৰতিবছৰে ৰঙিয়াত গঢ়ি আনিছে এক সংগম তথা একতাৰ এনাজৰী। উল্লেখ্য যে শ্ৰী শ্ৰী ৰাধা-কৃষ্ণ শতবাৰ্ষিকী ঝুলন যাত্ৰা আৰম্ভ হৈছে ১৩ আগষ্টৰ পৰা ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে।

১৯ আগষ্টত সামৰণি পৰিব লগা এই ঝুলন যাত্ৰা মহোৎসৱ লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে। মঙ্গলবাৰে সন্ধিয়া ঝুলন যাত্ৰা মহোৎসৱৰ মুকলি কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।

ইফালে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লৌকিক মৃন্ময় মূৰ্ত্তিৰ লীলা চাবলৈ দূৰ-দুৰণিৰ পৰা আহিছে অসংখ্য ভক্ত। তদুপৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এক পৰিবেশ্য শৈলীৰ মূৰ্তিয়ে সকলোকে অভিভূত কৰি তুলিছে।

আধ্যাত্মিক পৰিৱেশ তথা ইতিবাচক দিশত এই শতবৰ্ষ ঝুলন যাত্ৰা মহোৎসৱে সকলোৱে চাবলৈ ভিৰ দি বাট নোপোৱাত পৰিছে।

Also Read: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ বাসভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা

rangia