দোকানত আৰু নাপাব জনছন বেবী পাউদাৰ…

দোকানত আৰু নাপাব জনছন বেবী পাউদাৰ…

author-image
asomiyapratidin
New Update
দোকানত আৰু নাপাব জনছন বেবী পাউদাৰ…

ডিজিটেল ডেস্ক : অতীত হ'ব জনছন বেবী পাউদাৰ। মানুহৰ মুখে মুখে আছিল এই পাউদাৰৰ নাম। কিন্তু হঠাৎ জনছনে সিদ্ধান্ত লৈছে উতপাদন নকৰে বিশ্বজুৰি সৰ্বাধিক ব্যৱহাৰ কৰা এই পাউদাৰবিধ। ঘৰত শিশু জন্ম হ'লেই এটা চিনাকি নাম হৈ পৰে জনছন বেবী। আমেৰিকা আৰু কানাডাত ২০২০তেই এই পাউদাৰ বিধৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পাছত ২০২৩ত সমগ্ৰ বিশ্বতেই ইয়াৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

এই পাউদাৰ ব্যৱহাৰ কৰিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি বুলি এক গৱেষণাত প্ৰকাশ কৰাৰ পাছতে পাউদাৰত থকা ৰাসায়নিক দ্ৰব্যক লৈ উদ্বেগ ব্যক্ত কৰিছিল আমেৰিকাৰ বিজ্ঞানীয়ে। তাৰ পাছতেই পাউদাৰবিধৰ ব্যৱহাৰক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। পাউদাৰ বিধত আছে প্ৰাকৃতিকগতভাৱে পোৱা চিলিকেট নামৰ মিনাৰেল। যি শৰীৰৰ বাবে হানিকাৰক।

অৱশ্যে সুখবৰটো হ'ল যে এই পাউদাৰবিধ বন্ধ কৰিলেও ইয়াৰ স্থান ল'ব পৰা আন এবিধ পাউদাৰ অচিৰেই বজাৰত মুকলি কৰিব কোম্পানীটোৱে। ১৩০ বছৰ পুৰণি জনছন এণ্ড জনছন। বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত আছিল এই পাউদাৰবিধ। দৈনিক ১ লাখ ৩০ হাজাৰ কৰ্মচাৰীয়ে বিশ্বৰ বিভিন্ন ঠাইত এই কোম্পানীটোত কাম কৰে।

ড০ ফেডেৰিক বি কিলমাৰ আছিল এই জনছন বেবী পাউদাৰৰ উদ্ভাৱক। ১৮৯২ চনৰ কথা। এজন চিকিৎসকে এখন চিঠি দিছিল তেওঁলৈ। চালত হোৱা ঘামুছি বা তেনেধৰণৰ উপসৰ্গৰ বাবে কি এটা লাগে। কিলমাৰে তেওঁক উপদেশ দিছিল ইটালীত প্ৰস্তুত কৰা এবিধ পাউদাৰ ব্যৱহাৰ কৰিবলৈ। কিন্তু তেওঁ মনে মনে এই উপসৰ্গৰ পৰা উপসম পাব পৰা এবিধ পাউদাৰৰ কথা চিন্তা কৰিছিল। তাৰ পৰিণতিতেই ১৮৯৪ চনত বজাৰলৈ উলিয়াই দিছিল জনছন বেবী পাউদাৰ। শিশুৰ লগতে মহিলাইয়ো ব্যৱহাৰ কৰিছিল এই পাউদাৰবিধ।

আৰু পঢ়ক : দৰঙৰ এছ.পি, এ.এছ.পি, ধুলা থানাৰ অ'চিক নিলম্বন…

assam india jhondon baby jgonson baby powder