'ৰয়েল আহমেদৰ মৃত্যুৰ খবৰে মোক বৰ দুখ দিলে'- ড০ হীৰেন গোঁহাই

বিবৃতিৰ জৰিয়ে বিশিষ্ট বুদ্ধিজীৱিগৰাকীৰ শোক প্ৰকাশ
'ৰয়েল আহমেদৰ মৃত্যুৰ খবৰে মোক বৰ দুখ দিলে'- ড০ হীৰেন গোঁহাই
'ৰয়েল আহমেদৰ মৃত্যুৰ খবৰে মোক বৰ দুখ দিলে'- ড০ হীৰেন গোঁহাই

ডিজিটেল ডেস্কঃ কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ প্ৰাক্তন উপদেষ্টা, কলকাতাত কৰ্মৰত অসম চৰকাৰৰ জেষ্ঠ বিষয়া ৰয়েল আহমেদৰ বিয়োগত শোক প্ৰকাশ কৰিছে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড০ হীৰেন গোঁহায়ে। এক বিবৃতিত ড০ গোঁহায়ে কৈছে- সুদৰ্শন চেহেৰা,সহৃদয় ব্যক্তিত্ব আৰু মাৰ্জিত ৰুচিৰ ৰয়েল আহমেদৰ মৃত্যুৰ খবৰে মোক বৰ দুখ দিলে। কিতাপ পঢ়ি ভাল পোৱা,ওখ অমলিন মনৰ এই অসমীয়া ডেকাজন সাংবাদিক হিচাপে পাৰদৰ্শী, জীৱন উপভোগত উৎসাহী আৰু বহল মনৰ বন্ধুবৎসল বুলি সকলোৰে আদৰৰ আছিল। দুৰ্ভাগ্যৰ কথা যে বহুদিন স্নায়ুৰোগত ভুগি তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। তজবজীয়া মানুহজন চকীত বহি কাম কৰা চাকৰিত সোমাই পৰা বাবেই এনে অৱস্থা হোৱা বুলি ধাৰণা হয়।তেওঁৰ পৰিয়াল,বন্ধুবান্ধৱ সকলোকে শোকাতুৰ কৰি আকস্মিক হৃদ ৰোগত তেওঁ শেষ বিদায় ল'লে। কিন্তু তেওঁৰ অমায়িক আচৰণ আৰু বহল মনটো সহজে পাহৰিব নোৱাৰি। তেওঁৰ সেই ছবিখনহে আটাইৰে মনত থাকিব।

'ৰয়েল আহমেদৰ মৃত্যুৰ খবৰে মোক বৰ দুখ দিলে'- ড০ হীৰেন গোঁহাই
CAAৰ জৰিয়তে অৰুণাচলৰ ৫ লাখ চাকমা শৰণাৰ্থীক অসমত সংস্থাপণৰ যোঁজা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in