/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/50143339-785d-4589-98ea-d952e0e3bc13/ajycp_final.jpg)
AJYCPৰ বিংশতিতম কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশন
ডিজিটেল সংবাদ; চাবুৱা: বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় থলীত পৰিণত হ'ল শদিয়া। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশনৰ তৃতীয় দিনা দহ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। যত জাতি জনগোষ্ঠীয় ডেৰশটা সাংস্কৃতিক দলে তেওঁলোকৰ বাৰেৰহনীয়া লোক সংস্কৃতিৰ প্ৰতিফলন কৰে।
সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধক গৰাকীক উদ্যোক্তা সকলে ফুলাম গামোচা, চেলেং চাদৰ, জাপি, এখন প্ৰশস্তি পত্ৰৰে সন্মান প্ৰদান কৰে।
অনুষ্ঠানত 'সাদিন'ৰ জন্ম ক্ষণৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা । তেওঁ কয়- 'অসমীয়া ভাষা সংস্কৃতিৰ সংকটৰ সময়ত হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰণয়ত কৰি জাতিটো উদ্ধাৰ কৰি থৈ গ'ল। পৰণতি হিচাপে মোৰ দেহত আজিও জাতি প্ৰেমৰ তেজ প্ৰৱাহিত হৈ আছে।' তেও লগতে জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বোদ্ধ হ'বলৈ শিকোৱা AJYCPৰ প্ৰয়াত নেতা বিপুল মহন্তক শ্ৰদ্ধাৰে সুঁৱৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বক ডিজিটেল নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ পৰামৰ্শ জয়ন্ত বৰুৱাৰ।
মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সম্পাদক অদীপ ফুকন, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ প্ৰদ্যুম্ন গোস্বামী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালী প্ৰমুখ্যে জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি।
লগতে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয়- 'আমি কোনো দিনে আপোচ কৰা নাই, ভৱিষ্যতেও আপোচ নকৰে। অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত পাৰ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ কথা দিল্লী, দিছপুৰে শুনিবই লাগিব।'
আৰু পঢ়ক: প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ মৃত্যু