/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/534e1183-6826-46f0-a9f7-498480c2dccb/t8.jpg)
ডিজিটেল সংবাদ,বৰপেটাঃ বৰপেটাৰ বিভিন্ন স্থানৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। শনিবাৰে বজালী মহকুমা আৰু বৰপেটা জিলাৰ মেধিকুছি, নয়াপাৰা আৰু হৰিজনত জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৩ খন মথাউৰি পুনঃনিৰ্মাণ আঁচনিৰ অন্তৰ্গত নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি পৰ্যালোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/36cad3c6-2dcf-4414-86df-71c0edd732e7/bf230d11_4899_4d9e_941a_77ae385a81b2.jpg)
উক্ত বিষয় সন্দৰ্ভত নিজৰ মন্তব্য ৰাখি মন্ত্ৰী বৰুৱাই কয় যে বৰ্তমান নিৰ্মাণ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে আৰু বাৰিষাৰ আগমনৰ পূৰ্বে,সমগ্ৰ প্ৰক্ৰিয়াৰ সূচাৰুৰূপে অন্ত পৰিব। তেওঁ লগতে কয় যে যোৱা বানপানীত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিৰ নিৰ্মাণকাৰ্যৰ ৭০-৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/37f70745-a307-4913-8c6d-fb673af603a9/5a90bf8f_7668_423b_9a91_59e88d1c2325.jpg)
বাকীথকা কাম অতি সোনকালে সম্পূৰ্ণ হ’ব। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে বানপানী ৰোধ কৰাৰ লগতে দুৰ্যোগৰ বিপৰ্যয়জনক প্ৰভাৱ হ্ৰাস কৰাৰ বাবে অতি ক্ষিপ্ৰ গতিত নিজৰ কাম আগবঢ়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/23611d6b-722e-431b-b00b-7ff5d1789a57/d23a56f8_0fbe_407b_8676_3148d95ccfdc.jpg)