ভকতপাৰা শাখা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন

সন্মিলনত অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় বুলি ভকতপাৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ নাথে জানিবলৈ দিয়ে।
ভকতপাৰা শাখা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষীয় কাৰ্যসূচীৰ অংশ হিচাপে ভকতপাৰা শাখা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন। শনিবাৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সন্মিলনখনিৰ।

দৰং জিলা কবি সন্মিলনৰ সভাপতি, বিশিষ্ট কবি প্ৰফুল্ল দেৱশৰ্মাই সঞ্চালনা কৰা কবি সন্মিলন উদ্বোধন কৰি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক হাজী আব্দুল মজিদে আগবঢ়োৱা ভাষণত কয় যে ''কবিতা হ'ল মানুহৰ বাস্তৱ প্ৰতিচ্ছবি আৰু মনৰ সংমিশ্ৰণ।'' শাখা সভাৰ আকাশ উপ সমিতিৰ শিল্পীবৃন্দই পৰিৱেশন কৰে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক আৰম্ভণি গীত।

সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা কবি সন্মিলনৰ আৰম্ভনিতে শাখা সভাৰ সভাপতি নায়ক আলি বিশ্বাসে আদৰণি ভাষণ প্ৰদান কৰে। কবি সন্মিলনত ভকতপাৰা ডাকঘৰৰ পৰিচালক আব্দুল আজিজ চৌধুৰী, বিশিষ্ট কবি প্ৰমোদ ৰঞ্জন সাহা, বীৰেন্দ্ৰ কুমাৰ বৰা, ৰূপেশ্বৰ চাহাৰী, হৰিচৰণ মণ্ডল, প্ৰীতি পুষ্পা দেৱী, মহশ্বেতা দেৱী, জুৰি নাথ, ৰশ্মিৰেখা ডেকা, হেমাঙ্গী কোঁৱৰ, নিৰ্মল মণ্ডল, অৰুণ বৰুৱা, বাহাৰুল ইছলাম, দিব্যজ্যোতি ডেকা, নিৰৱ কাশ্যপ, চন্দ্ৰমা শৰ্মা, বসন্ত শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।

সোণালী জয়ন্তী উদযাপন সমিতিৰ অন্যতম সম্পাদক ৰাণা আলমে শলাগৰ শৰাই আগবঢ়োৱা কবি সন্মিলনত অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় বুলি ভকতপাৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ নাথে জানিবলৈ দিয়ে।

ভকতপাৰা শাখা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন
বেবেজীয়াৰ ঐতিহ্যমণ্ডিত গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in