/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/de73960d-1358-40bf-a40e-1629efa5e3d8/tttt.jpg)
ডিজিটেল ডেস্কঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে ফ্লাইবিগ বিমানৰ ফ্লেগ অফ কৰে। ৬৩ জন যাত্ৰীৰ সৈতে গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত দ্বিতীয়খন ফ্লাইবিগ বিমান সেৱাৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে।
এই ফ্লাইবিগ সেৱা গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত পৰিচালনা কৰা হ'ব । ভিডিএ ফাণ্ডিঙৰ জৰিয়তে এটিডিচিএলে ফ্লাইবিগক সমৰ্থন কৰিব । লগতে দুয়োটা খণ্ডত বিমানৰ পৰিচালনা দুয়োপক্ষৰ দ্বাৰা পাৰস্পৰিকভাৱে সিদ্ধান্ত লোৱা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1f685d2e-9eb3-4b17-b944-a7949851bfb9/f9a81153_9c48_46dc_9fb8_4dafbbae869d.jpg)
ইয়াৰ পূৰ্বে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী ফ্লাই বিগ চাৰ্ভিচ আছিল। ২০২৩ চনৰ ১ মে'ত ইয়াৰ ফ্লেগ অফ কৰা হৈছিল।
Also Read: ৰঙিয়াত স্কুল বাছ আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ