অখিল গগৈয়ে শুকুনিৰ ৰূপত দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিছেঃ জয়ন্ত মল্ল

jayanta malla pressmeet
jayanta malla pressmeet

ডিজিটেল ডেস্কঃ অখিল গগৈয়ে এতিয়া শুকুনিৰ ৰূপত অৱতীৰ্ণ হৈ দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিছে। অখিল গগৈ অমংগলীয়া, অখিল গগৈয়ে যাৰ হৈ প্ৰচাৰ চলায়, তাৰ পৰাজয় নিশ্চিত - এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অখিল গগৈয়ে আগবঢ়োৱা কিছু মন্তব্য সন্দৰ্ভত মঙলবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তেওঁ কয় যে বিধায়ক অখিল গগৈৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁ লগত থাকিয়ে শুকুনিৰ ভাও লৈ খুব সুন্দৰভাৱে দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিছে।

মন্ত্ৰী বৰুৱাই কয় যে আজি অখিল গগৈয়ে যোৰহাটত কৈ আছে যে কংগ্ৰেছৰ সংগঠন নাই, খুব অৱস্থা বেয়া। তাৰ মানে কি, গৌৰৱ গগৈ হাৰিব বুলি কংগ্ৰেছ দলৰ সংগঠন নাই বুলি তেওঁ কৈয়ে দিলে। তেওঁ পৰিকল্পিতভাৱে শুকুনিৰ ভাও লৈ দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা খুব সুন্দৰভাৱে কৰিছে। এয়া তেওঁৰ আগৰ পৰাই চলি থকা এটা চৰিত্ৰ, কাৰণ তেওঁৰ ৰাইজৰ দলত তেওঁক বাদ দি দ্বিতীয় কোনো মানুহ নাই।

দলটোত তেওঁৱে একমাত্ৰ, যিসকলে মানুহৰ শাৰীত থাকি কথা ক’ব বিচাৰে তেওঁ তেওঁলোকক আঁতৰাই নোহোৱা কৰি পেলায়। কেনেকৈ একছত্ৰী হৈ থাকিব লাগে, সেই কামটো তেওঁ ধুনীয়াকৈ কৰিব জানে। আৰু এইবাৰ সেই কামটোৰ খুব ধুনীয়া চৰিত্ৰ এটা তেওঁ কৰিছে- যাক অমংগলীয়া বুলি কয়, অখিল গগৈও তেনেকুৱা অমংগলীয়াই। আজিলৈকে যাৰ ইলেকচনতে তেওঁ লাগিছে তেওঁৱে হাৰিছে। তেওঁ জে’লত থাকি নিৰ্বাচন নেখেলা হ’লে, তেৱোঁ হাৰিলেহেঁতেন। জে’লত থকাৰ বাবে তেওঁ নিজৰ নিৰ্বাচনত লাগিব পৰা নাছিল বাবে তেওঁ জিকিলে। এই অমংগলীয়াই যাৰ নিৰ্বাচনতে লাগিব তেওঁ যে খুব শোচনীয়ভাৱে পৰাজিত হ’ব এয়া অখিল গগৈয়েও স্বীকাৰ কৰি লৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে।

উল্লেখ্য যে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ বিজেপিৰ ফালৰ পৰা আজি দাখিল কৰা হয়। আজি মনোনয়ন পত্ৰ দাখিলৰ দিনটোত ভাৰতীয় জনতা পাৰ্টী বা বিজেপিৰ মিত্ৰ দলৰ প্ৰতি ৰাইজৰ মৰম-আশীৰ্বাদ কেনেধৰণে আছে সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এনেদৰে কয়। তেওঁ আৰু কয় যে আজি ডিব্ৰুগড়তে হওক, লখিমপুৰতে হওক জনসমুদ্ৰ হৈছে। আৰু ইমান বতৰ বেয়াৰ মাজতো লখিমপুৰত ৰাইজ যেনেধৰণে ওলাই আহিছে তাৰ পৰা বুজা যায় যে আমাৰ দলৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ’ব।

jayanta malla pressmeet
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কি ক'লে আমেৰিকাই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in