মোডী মন্ত্ৰীসভাত কোনে পালে কি কি বিভাগ? চাওঁক সম্পূৰ্ণ তালিকা...

মোডী মন্ত্ৰীসভাত কোনে পালে কি কি বিভাগ? চাওঁক সম্পূৰ্ণ তালিকা...
মোডী মন্ত্ৰীসভাত কোনে পালে কি কি বিভাগ? চাওঁক সম্পূৰ্ণ তালিকা...

ডিজিটেল ডেস্কঃ আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ প্ৰথমখন বৈঠকৰ অন্তত ঘোষণা কৰা হৈছে মন্ত্ৰীসকলৰ মাজত বিভিন্ন বিভাগসমূহ। উল্লেখ্য যে, দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰাৰ উপৰিও আন ৭১ গৰাকী সাংসদে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পাছতে আজি সন্ধিয়া এই মন্ত্ৰীসকলৰ মাজত বিতৰণ কৰা হৈছে বিভাগসমূহ।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক জাননী অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত থাকিব কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত সমস্যা আৰু বিতৰণ নকৰা বিভাগসমূহ।

কেবিনেট মন্ত্ৰী

ইয়াৰ উপৰি দেওবাৰে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা সাংসদসকলৰ ভিতৰত পূৰ্বৰ কেবিনেট মন্ত্ৰী ৰাজনাথ সিঙক প্ৰতিৰক্ষা, অমিত শ্বাহক গৃহ আৰু সহযোগিতা বিভাগ, নীতিন গাডকাৰীক পথ পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে। বিজেপিৰ সভাপতি হিচাপে দায়িত্বত থকা জে পি নড্ডাক এইবাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাসায়ণিক আৰু সাৰ বিভাগ প্ৰদান কৰা হৈছে।

শিৱৰাজ সিং চৌহানক কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰাম্য উন্নয়ন বিভাগ, নিৰ্মলা সীতাৰমণক পূৰ্বৰ দৰেই বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা বিভাগ, ড০ এছ জয়শংকৰকো পূৰ্বৰ দৰে বিদেশ মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে।

মনোহৰ লালক গৃহ আৰু নগৰ পৰিক্ৰমা আৰু শক্তি বিভাগ, এইছ ডি কুমাৰ স্বামীক গধূৰ মন্ত্ৰণালয় আৰু ষ্টীল বিভাগ, পীযুষ গোৱেলক বাণিজ্য আৰু উদ্যোগ বিভাগ, ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা, জীতন ৰাম মাঝিক সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগ, ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙক পঞ্চায়তি ৰাজ, মীন, পশুপালন আৰু দুগ্ধ পালন বিভাগৰ দায়িত্ব দিয়া হৈছে।

ডিব্ৰুগড়ৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা সৰ্বানন্দ সোণোৱালক পূৰ্বৰ দৰেই বন্দৰ, জাহাজ আৰু জল পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ড০ বীৰেন্দ্ৰ কুমাৰক সামাজিক ন্যায় আৰু সৱলীকৰণ, কিঞ্জাৰাপ্পু ৰামমোহন নাইডুক অসামৰিক বিমান পৰিবহণ, প্ৰহ্লাদ জোশীক উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ উপৰিও নতুন আৰু নৱীকৰণযোগ্য শক্তি বিভাগ প্ৰদান কৰা হৈছে।

জুৱেও ওৰামক জনজাতীয় পৰিক্ৰমা, গীৰিৰাজ সিঙক বস্ত্ৰ বিভাগ, অশ্বিনী বৈষ্ণৱক ৰে'লৱে, তথ্য আৰু সম্প্ৰচাৰ আৰু বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগ, জ্যোতিৰাদিত্য সিন্দিয়াক যোগাযোগ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন বিভাগ, ভূপেন্দ্ৰ যাদৱক পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ দায়িত্ব দিয়া হৈছে।

গজেন্দ্ৰ সিং শ্বেখাৱটক সংস্কৃতি আৰু পৰ্যটন বিভাগ, অন্নপূৰ্ণা দেৱীক মহিলা আৰু শিশু উন্নয়ন বিভাগ, কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন বিভাগ, হৰ্দ্বীপ সিং পুৰীক পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগ, মনসুখ মাণ্ডব্যক শ্ৰম, নিযুক্তি, যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগ, জি কিষাণ ৰেড্ডীক কয়লা আৰু খনি বিভাগ, চিৰাগ পাছোৱানক খাদ্য সংশোধন উদ্যোগ, চি আৰ পাটিলক জল শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে।

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী স্বতন্ত্ৰ

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপে দেওবাৰে শপত গ্ৰহণ কৰা সাংসদসকলৰ ভিতৰত ৰাও ইন্দ্ৰজিত সিঙক পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ বিভাগ, পৰিকল্পনা আৰু সংস্কৃতি বিভাগ, জীতেন্দ্ৰ সিঙক বিজ্ঞান আৰু প্ৰযুক্তি, ভূ বিজ্ঞান, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়,কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে।

সেইদৰেই অৰ্জুন ৰাম মেঘৱালক আইন আৰু ন্যায়, সংসদীয় পৰিক্ৰমা বিভাগ, যাদৱ প্ৰতাপৰাও গণপতৰাওক আয়ুষ আৰু স্বাস্থ্য, পৰিয়াণ কল্যাণ বিভাগ, জয়ন্ত চৌধুৰীক দক্ষতা বিকাশ, যুৱ উদ্যোমিতা আৰু শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে শপত লোৱা সাংসদসকলৰ ভিতৰত জিতিন প্ৰসাদক বাণিজ্য আৰু উদ্যোগ, বিদ্যুতৈক আৰু তথ্য প্ৰযুক্তি বিভাগ, শ্ৰীপদ য়েছ নায়কক শক্তি আৰু নতুন, নৱীকৰণযোগ্য শক্তি বিভাগ, পংকজ চৌধুৰীক বিত্ত বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।

কৃষ্ণ পালক সহযোগিতা বিভাগ, ৰাম দাস আথেৱালেক সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ, ৰাম নাথ ঠাকুৰক কৃষি আৰু কৃষক কল্যাণ বিভাগ, নিত্যানন্দ ৰায়ক গৃহ পৰিক্ৰমা বিভাগ, অনুপ্ৰিয়া পাটেলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক আৰু সাৰ বিভাগ, ভি সুমান্নাক জল শক্তি আৰু ৰে'ল বিভাগৰ দায়িত্ব দিয়া হৈছে।

ড০ চন্দ্ৰ শেখৰ পেম্মাছানিক গ্ৰাম্য উন্নয়ন, যোগাযোগ বিভাগ, এছ পি সিং বাঘেলক মীন, পশু পালন আৰু দুগ্ধ উন্নয়ন, পঞ্চায়তি ৰাজ বিভাগ, সুশ্ৰী সোভা কাৰান্দলাজেক সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, শ্ৰম আৰু নিযুক্তি বিভাগ, কীৰ্তিবৰ্ধন সিংক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, বৈদেশিক পৰিক্ৰমা বিভাগৰ দায়িত্ব দিয়া হৈছে।

বি এল বাৰ্মাক উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, সামাজিক ন্যায় আৰু সশক্তিকৰণ বিভাগ, শান্তনু ঠাকুৰক বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়, সুৰেশ গোপীক পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, পৰ্যটন বিভাগ, ড০ এল মুৰুগানক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে।

অজয় তামতাক পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, বান্দি সঞ্জয় কুমাৰক গৃহ মন্ত্ৰালয়, কমলেশ পাছৱানক গ্ৰামোন্নয়ন মন্ত্ৰালয়, ভাগীৰথ চৌধুৰীক কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, সতীশ চন্দ্ৰ ডুবেক কয়লা খনি মন্ত্ৰালয়, সঞ্জয় শেঠক প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰৱনীত সিঙক খাদ্য সংশোধন উদ্যোগ মন্ত্ৰালয়, ৰে'ল মন্ত্ৰালয়, দুৰ্গাদাস উইকিক জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে।

ৰক্ষা নিখিল খাডছেক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, সুকান্ত মজুমদাৰক শিক্ষা, উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, সাবিত্ৰী ঠাকুৰক মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, তোখান চাহুক গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ ভূষণ চৌধুৰীক জল শক্তি মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে।

ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মাক গধুৰ উদ্যোগ, তীখা মন্ত্ৰালয়, হৰ্ষ মালহোত্ৰাক কৰ্পোৰেট, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, নিমুবেন জয়ন্তীভাই বাম্ভানিয়াক উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়, মুৰলিধৰ মোহলক সহযোগিতা, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়, জৰ্জ কুৰিয়ানক সংখ্যালঘু পৰিক্ৰমা,মীন পালন, পশুপালন আৰু দুগ্ধ জাত ৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে।

অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in