'অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমণৰ পাছত'- জয়ন্ত বৰুৱা

'অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমণৰ পাছত'- জয়ন্ত বৰুৱা
'অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমণৰ পাছত'- জয়ন্ত বৰুৱা

ডিজিটেল ডেস্কঃ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক আজি প্ৰদান কৰা হয় ২০২৩ বৰ্ষৰ 'চুকাফা সমন্বয় সাংস্কৃতিক বঁটা'। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোণাৰীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চুকাফা দিৱসৰ কাৰ্যসূচীত তেওঁক এই বঁটা প্ৰদান কৰে।

ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা বৰ্ণাঢ্য কাৰ্যসূচীত বহু বিশিষ্ট ব্যক্তি তথা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বৰুৱাক এই বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কয়, ''চাওলুং চুকাফাৰ নাম জড়িত হৈ থকা এই বঁটাক, বঁটা হিচাপে নলৈ পিতৃপুৰুষগৰাকীৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ।''

নিজৰ ভাষণত বৰুৱাই কয়, ''আমি সকলোৱে জানো আহোম যুগৰ আৰম্ভণি আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াই আৰম্ভ হৈছিল চুকাফাৰ আগমণৰ পাছৰ পৰা। ১২২৮ খীষ্ট্ৰাব্দত এই চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰহৈ অসমত সোমাইছিল আছিল আৰু আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

তেওঁ কয়, ''সেই সময়ৰ মৰাণ, কছাৰী, বৰাহ, নগা চুতিয়া আদি জাতি, জনগোষ্ঠীসকলক একলগ কৰি ৰাজ কাৰ্যৰে জড়িত হোৱাৰো সুযোগ তেওঁ দিছিল। তেওঁ বুজিছিল কাৰোবাক দমন কৰাতকৈ মিত্ৰতাৰে তেওঁলোকক স-সন্মানেৰে বুকুৰ মাজত আকোঁৱালি লৈ এক শক্তিশালী ৰাজ্য গঠন কৰিব পাৰি। যুদ্ধৰ সলনি মন জয় কৰিবলৈ চেষ্টা কৰিছিল চুকাফাই। তেওঁৰ বিশ্বাস আৰু আস্থাই আহোম ৰাজ্যৰ স্থায়িত্বৰ অন্যতম কাৰক আছিল। সেই বাবেই চুকাফাক বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়।''

আহোমসকলে ৬০০ বছৰ ধৰি ৰাজত্ব কৰা ঘটনা বিশ্বৰ ভিতৰতে বিৰল বুলি উল্লেখ কৰি তেওঁ কয়, ''চাওলুং চুকাফাৰ নীতি আৰু আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবেই তেওঁ গঠন কৰি যোৱা এই বৃহত্তৰ অসমীয়া জাতি তথা আহোম স্বৰ্গদেউসকলে ৬০০ বছৰ ৰাজত্ব কৰিব পাৰিছিল। চাওলুং চুকাফাই গঢ়ি থৈ যোৱা এই অসমীয়া সমাজখন আমি অতি শক্তিশালী ৰূপত ৰাখিব লাগিব। কাৰণ আজিৰ যিসকল ৰাজনীতিক, তেওঁলোকে আমাৰ মাজৰ ভোট বিভাজনৰ বাবে, তেওঁলোকৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে আমাক ভাগ ভাগ কৰাৰ এক প্ৰৱণতা আছে। আমি সেইসকলক চিনাক্ত কৰি আমাৰ সমাজখন যাতে খণ্ডিত হ'ব নোৱাৰা তাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। অসমৰ জাতীয় সংগঠনৰ নেতৃত্বৰ হাতত সেই দায়িত্ব যথেষ্ট বেছি।''

তেওঁ কয়, ''আমি আমাৰ সমাজখন ধৰি ৰখাৰ ক্ষেত্ৰত সকলোবোৰে একলগ হৈ কোনেও যাতে এই সমাজখনক খণ্ডিত কৰিব নোৱাৰে আৰু বিশ্ব দৰবাৰতে অসমীয়া জাতি জিলিকি থাকে তাৰ বাবে চুকাফা দিৱসৰ এই পবিত্ৰ ক্ষণতে পণ লোৱা উচিত।''

হেমকোষৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে অসমীয়া ভাষা বিশ্ব দৰবাৰত জিলিকি উঠাৰ বাবে জয়ন্ত বৰুৱাক বঁটা প্ৰদান কৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয়, ''আমি যেতিয়া হেমকোষৰ ব্ৰেইল সংস্কৰণৰ কাম আৰম্ভ কৰিছিলো তেতিয়া আমি ভবা নাছিলো এই সংস্কৰণে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিব। এই কাম সম্পূৰ্ণ কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। আমাৰ কথা আছিল দৃষ্টিহীনসকলক শুদ্ধভাৱে অসমীয়া ভাষা শিকোৱা। যিহেতু তেওঁলোকৰ বাবে কোনো অভিধান নাছিল সেয়ে আমি হেমকোষ ব্ৰেইল প্ৰকাশ কৰিলো।''

''১৪০০ পৃষ্ঠাৰ হেমকোষ অভিধানখন যেতিয়া আমি ব্ৰেইল লিপিলৈ লিপান্তৰ কৰিছিলো তেতিয়া এই পৃষ্ঠাৰ সংখ্যা হৈছিলগৈ ১০,২৭৯। এই ব্ৰেইল হেমকোষখন ২৭ টা খণ্ড কৰি প্ৰকাশ কৰিবলগীয়া হৈছিল। এই ২৭ টা খণ্ড একেলগে থলে ইয়াৰ উচ্চতা হয়গৈ ১১ ফুট।''

এই অনুষ্ঠানতে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকাৰণখনো ব্ৰেইল লিপান্তৰ কৰি অহা ১০ ডিচেম্বৰত উন্মোচন কৰাৰ কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই ব্যাকৰণখনেই হ'ব প্ৰথমখন ব্যাকৰণ যি ব্ৰেইল লিপিত উপলব্ধ হ'ব। আজি পৰ্যন্ত দৃষ্টিহীনসকলে ব্যাকৰণ অবিহনেই অসমীয়া ভাষাৰ জ্ঞান আহৰণ কৰি আছে বুলি উল্লেখ কৰি তেওঁ এই ব্ৰেইল ব্যাকৰণখনে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলকো উপকৃত কৰিব বুলিও মতপোষণ কৰে।

এই বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বৰ লগতে অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাই, উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, গুাৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৰাজীৱ সন্দিকৈ, চৰাইদেউ মহকুমা প্ৰসাশনীক বিষয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক লোক উপস্থিত থাকে।

'অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমণৰ পাছত'- জয়ন্ত বৰুৱা
শিপা অবিহনে জীয়াই থাকিবনে জাতি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in