মাজুলীত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ আশীৰ্বাদ গ্ৰহন সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ...

মাজুলীত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ আশীৰ্বাদ গ্ৰহন সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ

author-image
Asomiya Pratidin
New Update
মাজুলীত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ আশীৰ্বাদ গ্ৰহন সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ...

আশীৰ্বাদ গ্ৰহন

ডিজিটেল ডেস্কঃ দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই উত্তৰ কমলাবাৰী সত্ৰত প্ৰৱেশ কৰি সত্ৰ পৰিদৰ্শন কৰাৰ লগতে সত্ৰাধিকাৰৰ আশীষ গ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ মাজুলীৰ আন কেইবাজনো সত্ৰাধিকাৰৰ আশীষ গ্ৰহণ কৰে।

আশীৰ্বাদ গ্ৰহন
আশীৰ্বাদ গ্ৰহন

এই সময়ছোৱাত তেওঁ কেইবাটাও সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁ আউনীআটী সত্ৰলৈ ৰাওনা হৈছে। আজি আউনীআটী সত্ৰৰ ১৫০ বছৰীয়া জয়ন্তী অনুষ্ঠানত তেওঁক প্ৰদান কৰা হ'ব 'দামোদৰ দেৱ বঁটা'।

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি 'হেমকোষ'ৰ চতুৰ্দশ সংস্কৰণৰ আধাৰত প্ৰকাশ কৰি উলিওৱা হেমকোষ ব্ৰেইল সংস্কৰণে গীনিজ বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ডছত স্থান প্ৰাপ্তিৰে জগত সভাত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

এই আটাইকেইটা অনুষ্ঠানতে আজি তেওঁক সংগ দিছে পত্নী ৰুবী বৰুৱাকে ধৰি তেওঁৰ, ভগ্নী, সাদিন-প্ৰতিদিন গোষ্ঠীৰ কেইবাগৰাকীও সদস্য।

Also Read: ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ভাৰতীয় চাহ মজদুৰ সংঘৰ...

majuli JAYANTA BARUAH