ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ভাৰতীয় চাহ মজদুৰ সংঘৰ...

ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ভাৰতীয় চাহ মজদূৰ সংঘৰ

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ভাৰতীয় চাহ মজদুৰ সংঘৰ...

স্মাৰক পত্ৰ প্ৰেৰণ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় বৰবৰুৱা চেঁচা চাহ বাগিচাত দীৰ্ঘ দিন ধৰি অসম চাহ মজদুৰ সংঘই শ্ৰমিকসকলৰ অজ্ঞাতে ২৩২ টকাকৈ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে চেঁচা চাহ বাগিচাৰ শ্ৰমিক সকল আৰু ভাৰতীয় চাহ মজদুৰ সংঘই । এই সন্দৰ্ভত জিলা উপায়ুক্ত, জিলা শ্ৰম আয়ুক্ত আৰু চেঁচা চাহ বাগিচাৰ কৰ্তৃপক্ষলৈ এক ৩০ দফীয়া আবেদন প্ৰেৰণ কৰে ভাৰতীয় চাহ মজদুৰ সংঘ‌ই ।

Advertisment
চেঁচা চাহ বাগিচা
চেঁচা চাহ বাগিচা

ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক উৰাঙৰ ভাষ‍্য অনুসৰি অসম চাহ মজদুৰ সংঘ‌ই বছৰি প্ৰতিজন শ্ৰমিকৰ পৰা অজ্ঞাতে ২৩২ টকাকৈ কৰ্তন কৰি শ্ৰমিক সকলৰ অধিকাৰ খৰ্ব কৰি আহিছে। যি সময়ত মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজহুৱা দান বৰঙনিৰ প্ৰতি অধিক তৎপৰ তথা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে, সেই সময়তেই দিন ৰাতি একাকাৰ কৰি মূৰৰ ঘাম মাটিত পেলাই কাম কৰি থকা চাহ শ্ৰমিক সকলৰ মজুৰিৰ পৰা বছৰি ২৩২ টকাকৈ কৰ্তন কৰাৰ অধিকাৰ ক'ত পালে অসম চাহ মজদুৰ সংঘ‌ই ।

আনহাতে বছৰি প্ৰতিজন শ্ৰমিকৰ পৰা কৰ্তন কৰা টকাৰে বাগিচাখনৰ কোনো শ্ৰমিকৰ উন্নয়নৰ বাবে কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে চেঁচা চাহ বাগিচাৰ শ্ৰমিক সকলে। অসম চাহ মজদুৰ সংঘৰ এনে শ্ৰমিক বিৰোধী নীতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰিবনে সেয়া হ'ব এক লক্ষণীয় বিষয় ।

Also Read: বালাছোৰৰ ৰে'ল দুৰ্ঘটনা, দিনে নিশাই চলিছে উদ্ধাৰ অভিযান...

sessa tea estate