কটনৰ বাটত নিষিদ্ধ ক্ষুদ্ৰ ব্যৱসায়ীঃ অব্য়াহত প্ৰতিক্ৰিয়া

কটনৰ বাটত নিষিদ্ধ ক্ষুদ্ৰ ব্যৱসায়ীঃ অব্য়াহত প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ বৰ্তমানেও সমাধান হোৱা নাই কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা। এসপ্তাহৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমে কটন বিশ্ববিদ্যালয় তথা নেহৰু উদ্যানৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলাইছিল উচ্ছেদ অভিযান। ১৫ আগষ্ট স্বাধীনতা দিৱসৰ উপলক্ষে এই অভিযান চলোৱা বুলি উল্লেখ কৰি ১৫ আগষ্টৰ পাছত পুনৰ ব্যৱসায়ীসকলে উক্ত ঠাইত ব্যৱসায় আৰম্ভ কৰিব পাৰিব বুলি গুৱাহাটী পৌৰ নিগমে ব্যক্ত কৰিছিল যদিও বৰ্তমানেও ব্যৱসায়ৰ বাবে অনুমতি দিয়া হোৱা নাই ক্ষুদ্ৰ ব্যৱসায়ীসকলক।

যাৰ বাবে প্ৰতিক্ৰিয়া অব্যাহত আছে কটনিয়ানৰ মাজত। উল্লেখ যোগ্য যে, চৰকাৰে উক্ত স্থানত খাওগলীক আৰম্ভ কৰাৰ কথা ব্যক্ত কৰি কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল ৰোডত বিগত সময়ত কেইবাখনো নতুন দোকানক অনুমতি প্ৰদান কৰিছিল। উক্ত সময়ত নিশাই সেই ব্যৱসায়ীসকলে হোষ্টেল ৰোডত দোকান স্থাপন কৰাৰ লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। কটনিয়ানৰ প্ৰতিবাদত চৰকাৰে খাওগলীৰ সিদ্ধান্ত বাতিল কৰিছিল যদিও সেই ৰোডত থকা খাটি খোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰতো উচ্ছেদ অভিযান চলায়।

ইয়াৰ পাছতেই পৌৰ নিগমৰ নিৰ্দেশনা মৰ্মে ১৫ আগষ্ট লৈকে ব্যৱসায়ীসকল ক্ষান্ত আছিল যদিও ১৫ আগষ্ট পাৰ হৈ তিনিদিন ওকলি যোৱাৰ পাছতো সেই স্থানত ব্যৱসায়ীসকলক দোকান দিয়াৰ অনুমতি প্ৰদান নকৰাত শুকুৰবাৰে নিশা প্ৰতিবাদত বহে ব্যৱসায়ীসকল। ব্যৱসায়ীসকলক সংগ দিয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা তথা একাংশ ছাত্ৰ-ছাত্ৰীয়ে। কটনিয়ানৰ স্পষ্ট মত, কটনৰ সমুখত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দোকান দি পেট পোহ-পাল দি থকা সেই ব্যৱসায়ীসকলৰ গোৰ মৰা কাম চৰকাৰে কৰিলে কটনিয়ানে কেতিয়াও সহ্য নকৰে।

কটনৰ বাটত নিষিদ্ধ ক্ষুদ্ৰ ব্যৱসায়ীঃ অব্য়াহত প্ৰতিক্ৰিয়া
বিশ্বৰ সৰ্বাধিক মুছলমান থকা দেশত কি দৰে পৰিছিল ভাৰতীয় ভাষা-সংস্কৃতিৰ প্ৰভাৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in