গহপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ,চিকিৎসাধীন শিশু

বানৰ সংহাৰৰ পিছত গহপুৰ মহকুমাত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

ডিজিটেল সংবাদ, গহপুৰঃ বানৰ সংহাৰৰ পিছত গহপুৰ মহকুমাত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ।এই ৰোগত আক্ৰান্ত হৈ এটি দেৱ শিশু চিকিৎসাধীন হৈ আছে।

Advertisment

হেলেম মৌজাৰ কাউৰীপথাৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চন্দামাৰী বঙালীৰ লক্ষীকান্ত চুৰালৰ ডেৰ বছৰ বয়সীয়া পুত্ৰ তেজপুৰ মেডিকেল হস্পিতালৰ আই চিউত চিকিৎসাধীন হৈ আছে।প্ৰথমে অতিপাত জ্বৰ আৰু মূৰৰ বিষত ভোগা শিশুটিক স্থানীয় ভাৱে চিকিৎসা কৰি আছিল।

কিন্তু কোনো সুফল নোপোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। তাৰ লগে লগে গহপুৰ মহকুমা মেলেৰিয়া বিভাগৰ জ্যেষ্ঠ মেলেৰিয়া পৰিদৰ্শক চম্পক দাসৰ নেতৃত্বত অহা মেলেৰিয়া বিভাগৰ দলে উক্ত চন্দামাৰী বঙালী গাঁৱত মেচিনৰ সহায়ত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে।

Also Read: পুনৰ এনকাউন্টাৰঃ মহানগৰীত চোৰলৈ বুলি আৰক্ষীৰ গুলী

japanese encephalitis