/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/japanese.jpeg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। ঢকুৱাখনাতো বহুলোক আক্ৰান্ত হৈছে এই ৰোগত। ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অধীনৰ বিভিন্ন এলেকাৰ মুঠ ৪ গৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছ চমুকৈ জে ই ৰোগত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে এজন ব্যক্তি ডেংগু ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ শীর্ষ সূত্ৰই এই তথ্য সদৰী কৰিছে সংবাদ মাধ্যমৰ আগত ।
সদৰী কৰা তথ্য মতে ইন্দুৰ গাঁওৰ বিপিন পেগু ডেংগু ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হোৱাৰ পাছত ঘৰলৈ আহিছে । অন্যহাতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে খণ্ডটোৰ মুঠ ৪ গৰাকী ব্যক্তি ।
গন্ধিয়া স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত চিমি গগৈ(৩০) , জালভাৰী স্বাস্থ্য উপ কেন্দ্রৰ অন্তৰ্গত ৰত্নেশ্বৰী দত্ত(৭০) ,খজুৱা পাতিৰ স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত পাহি কাংকাণ মিলি(১১) , বানতৌ গাঁও স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত ঋষিক প্ৰীতম গগৈ (১১) । স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰত্যক্ষ কৰি ইতিমধ্যে সন্দেহযুক্ত অঞ্চলত প্ৰায় ৬ হাজাৰ ৯৬১ গৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে । লগতে ৪ হাজাৰ ৯৭২ খন আঁঠুৱা ঔষধিকৰণ কৰি অঞ্চল সমূহত ৫ বাৰ ঔষধি ধোঁৱাকৰন কৰা পৰিলক্ষিত হৈছে।
ইয়াৰোপৰি মুঠ ১৪৪ টা স্থানত সজাগতা সভা অনুষ্ঠিত কৰাও বুলি জনাইছে। জিলা স্বাস্থ্য বিভাগে নাগৰিকক সজাগতা আৰু সচেতনতা মানি চলিবলৈ আহ্বান জনাইছে।
Also Read: জ্বলি থকা অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহৰ অংশ, দলবদ্ধ ধৰ্ষণৰ সন্দেহ