যমুনা জলসিঞ্চন প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা উজ্জ্বল বুঢ়াগোহাঁইৰ বিৰুদ্ধে উপায়ুক্তক অভিযোগ…

যমুনা জলসিঞ্চন প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা উজ্জ্বল বুঢ়াগোহাঁইৰ বিৰুদ্ধে উপায়ুক্তক অভিযোগ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, মোৰাঝাৰ : যমুনা জলসিঞ্চন প্ৰকল্প তথা যমুনামুখ, হোজাই আৰু লামডিং জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা উজ্জ্বল বুঢ়াগোহাঁইৰ বিৰুদ্ধে কৃষক ৰাইজে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে হোজাই জিলা উপায়ুক্তক এক লিখিত অভিযোগ দাখিল কৰিছে । অভিযোগত প্ৰকাশ পোৱা মতে, কাৰ্যবাহী অভিযন্তা উজ্জ্বল বুঢ়াগোহাঁইয়ে দায়িত্ব ভাৰ লোৱাৰ পৰাই প্ৰকল্পটোত দুৰ্নীতিয়ে গা কৰি উঠিছে। বিষয়া গৰাকীয়ে নিজেই চৰকাৰী নীতি নিৰ্দেশনা ভংগ কৰি প্ৰায়েই কাৰ্যালয়ত অনুপস্থিত থকাত কৃষক ৰাইজে প্ৰয়োজনীয় কামত লগ ধৰিবলৈ গৈ হতাশ মনে উভতি অহাৰ অভিযোগ তুলিছে।

যমুনামুখ সংমণ্ডলৰ অধীনত খেতি পথাৰত পানী যোগান ধৰা ১২ টা আঁচনি আছে। কিন্তু বিভাগৰ অদূৰদৰ্শিতাত মাত্ৰ তিনিটা আঁচনি সক্ৰিয় হৈ থকাত কৃষক ৰাইজে প্ৰয়োজনীয় পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে। কেৱল দুই তিনি গৰাকী শাখা বিষয়াৰ লগত সম্পৰ্ক ৰক্ষা কৰি টকা লুণ্ঠন চলাই অহাৰ অভিযোগ তুলিছে কৃষকে। কাম নকৰাকৈ ঠিকাদাৰক ৰহস্যময় কাৰণত বিল আদায় দিয়াৰ ঘটনা কৃষক ৰাইজৰ দৃষ্টিগোচৰ হোৱা বুলি দাবী কৰিছে।

কাৰ্যবাহী অভিযন্তা উজ্জ্বল বুঢ়াগোহাঁইয়ে কৰ্তব্য ফাঁকি দি মাজে সময়ে কাৰ্যালয়লৈ অহাৰ সুযোগ লৈ একাংশ কৰ্মচাৰী-বিষয়াই কৰ্তব্যত অনুপস্থিত থকাৰ গুৰুতৰ অভিযোগ উস্থাপন কৰিছে কৃষক ৰাইজে। কৃষক ৰাইজে সমগ্ৰ ঘটনাৰ তদন্তত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জিলা উপায়ুক্তক।

আৰু পঢ়ক :দৰঙৰ এছ.পি, এ.এছ.পি, ধুলা থানাৰ অ'চিক নিলম্বন…

assam jamunamukh murajhar himanta biswa sarma