জামুগুৰিহাটত "দৃষ্টি স্বাৱলম্বন" সংস্থাৰ উদ্যোগত মহিলা সৱলীকৰণৰ প্ৰশিক্ষণ

জামুগুৰিহাটত "দৃষ্টি স্বাৱলম্বন" সংস্থাৰ উদ্যোগত মহিলা সৱলীকৰণৰ প্ৰশিক্ষণ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত "দৃষ্টি স্বাৱলম্বন" সংস্থাৰ উদ্যোগত মহিলা সৱলীকৰণৰ প্ৰশিক্ষণ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰঙাচকুৱাত বেচৰকাৰী সংস্থা "দৃষ্টি স্বাৱলম্বন"ৰ দ্বাৰা দেওবাৰে মহিলা সৱলীকৰণৰ এক প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান সম্পন্ন হয় । এই প্ৰশিক্ষণৰ জৰিয়তে নিবনুৱা মহিলা সকলে নিজকে কিদৰে স্বাৱলম্বী কৰিব পাৰে সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

Advertisment

বে-চৰকাৰী সংস্থাটোৱে ইয়াকেই মূল লক্ষ্য আৰু উদ্দেশ্য হিচাপে লৈ আগবঢ়া অনুষ্ঠানটিৰ আৰম্ভণিতে অঞ্চলটোৰ জ্যেষ্ঠ সমাজকৰ্মী বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা ৷ উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী নিৰুপ্ৰভা দাস, দৃষ্টি স্বাৱলম্বনৰ বেচৰকাৰী সংস্থাটোৰ চুপাৰভাইজাৰ শৰৎ শইকীয়া, গ্ৰাম্য সেৱক অনুপমা ৰয়, সুৰভী দলৈ, জেৰিফা প্ৰধানী, কাকলী বৰা, অক্ষ্যয় পটেলে । উক্ত সভাত এখন নতুন কমিতি গঠন কৰাৰ পিচতে মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

Also Read: ডিঙি কটা অৱস্থাত মাদ্ৰাছাৰ ভিতৰত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ...